বহুতে অঘটন বুলি কৈছে৷ কিন্তু জাপানে যি পথ লৈ আগবাঢ়ি আছে, সেয়া অঘটন নহয়৷ বৰং বিশ্ব ফুটবলৰ বাস্তৱ। জাপানে অনাগত দিনত বিশ্ব ফুটবলত ৰাজত্ব কৰিবলৈ গৈ আছে আৰু প্ৰশিক্ষক হাজিমে মৰিয়াছুৱে টুৰ্নামেণ্ট ফেভৰেট জাৰ্মানীৰ বিৰুদ্ধে লোৱা গেমপ্লেন জাপানৰ সেই অগ্ৰগামী যাত্ৰাৰে অংশ আছিল।
তেওঁ খেলৰ আৰম্ভণিতে লৈছিল ৪-২-৩-১ ফৰ্মেচন৷ জাৰ্মানীৰ আক্ৰমণ বিভাগক ভিৰৰ মাজত সুমুৱাবলৈ মিডফিল্ড আৰু ৰক্ষণক মজবুত কৰি ৰাখিব বিচাৰিছিল তেওঁ৷ কিন্তু প্ৰথমাৰ্ধত দুই অভিজ্ঞ জাৰ্মান থমাছ মুলাৰ আৰু ইকাৰ গুণ্ডোগানে জাপানী ৰক্ষণ কঁপাই ৰাখিবলৈ সক্ষম হৈছিল৷ অবিৰত আক্ৰমণ সফল হোৱা নাছিল গ’লৰ সন্মুখত বিফলতাৰ বাবে৷ একমাত্ৰ ষ্ট্ৰাইকাৰ কাই হাৰ্ভাট্ছ আছিল চূড়ান্তভাৱে বিফল৷ ফলত ধাৰাবাহিক আক্ৰমণ জাপানী ৰক্ষণ বিভাগে সম্পূৰ্ণ একাগ্ৰতা ৰক্ষা কৰি ভোটা কৰিবলৈ সক্ষম হৈছিল৷
গ’লকীপাৰ গোণ্ডাৰ ভুলৰ বাবে জাৰ্মানীয়ে পেনাল্টীৰে অগ্ৰগতি ল’লেও মৰিয়াছুৰ চকুত পৰিছিল জাৰ্মানীৰ দুৰ্বলতা কি? সেয়া আছিল আৰ্জেণ্টিনাৰ দৰেই দ্ৰুত প্ৰত্যাক্ৰমণৰ মোকাবিলা কৰাত ৰক্ষণৰ দুৰ্বলতা। ফলত হাফ টাইমত তেওঁ খেলুৱৈ সলনি কৰাৰ লগতে সলনি কৰিছিল ফৰ্মেচন।
প্ৰথমাৰ্ধৰ ৰক্ষণাত্মক দৃষ্টিভংগীৰ সলনি লৈছিল একে সময়তে প্ৰত্যাক্ৰমণ আৰু ৰক্ষণৰ কৌশল ৷ ৰক্ষণত চাৰিজনৰ সলনি ৰখা হৈছিল তিনিজন খেলুৱৈ৷ ছাবষ্টিটিউট হিচাপে নমাইছিল আক্ৰমণাত্মক ৰিত্ছু ডোৱান, তাকুমা আছানো, তাকেহিৰো তমিয়াছু, কাওৰু মিতোমা আৰু তাকুমি মিনামিনোক৷ স্থবিৰ জাৰ্মান ৰক্ষণক হঠাৎ প্ৰত্যাক্ৰমণ আৰু অবিৰত ৰক্ষণৰ কৌশলেৰে ব্যতিব্যস্ত কৰি ৰাখিছিল জাপানে।
প্ৰত্যাক্ৰমণৰ সময়ত ৩-১-৬ ফৰ্মেচন আৰু ৰক্ষণৰ সময়ত ফৰ্মেচন ৫-৪-১ হৈ পৰিছিল৷ ফলত জাৰ্মানীয়ে সিংহভাগ বল দখলত ৰাখিলেও ফাইনেল থাৰ্ডত খেল হৈ পৰিছিল নিথৰ। আক্ৰমণত ব্যস্ত থকাত ৰক্ষণত লাহে লাহে দেখা গৈছিল ছিদ্ৰ৷ তাৰেই সুযোগত হোৱা এক প্ৰত্যাক্ৰমণত জাৰ্মান ক্লাব ফ্ৰেইবাৰ্গৰ উইংগাৰ ডোৱানে সতীৰ্থ তাকুমি মিনামিনোৰ শ্বট জাৰ্মান গ’লকীপাৰ মেনুৱেল নয়াৰে প্ৰতিহত কৰাৰ পাছত তাক অনুসৰণ কৰি সমতাসূচক গ’লটো কৰে৷
ইয়াৰ পাছত পুনৰ একে তীব্ৰ প্ৰত্যাক্ৰমণৰ সুবাদত জাৰ্মানীৰে ক্লাব ভিএফএল বচুমৰ ফৰৱাৰ্ড আছানোৱে তীব্ৰ গতি, বল নিয়ন্ত্ৰণ আৰু নিখুঁত শ্বটেৰে বিজয়সূচক গ’লটো দিয়ে৷ আছানোৱে বলটো পাইছিল চেন্ট্ৰেল ডিফেণ্ডাৰ কো ইটাকুৰাৰ এটা ওপৰেৰে দিয়া দীঘলীয়া পাছত৷ এই পাছটো আৰু ইয়াৰ পাছত হোৱা গ’লটোৱেই জাপানৰ গোটেই ৰণকৌশল প্ৰতিফলিত কৰে৷
মন কৰিব লাগিব যে আটাইকেজন জাপানী ছাবষ্টিটিউটেই এই দুয়োটা গ’ল সৃষ্টিত বৰঙণি আগবঢ়াইছিল। ইয়েই প্ৰমাণ কৰে ৪-২-৩-১ৰ পৰা পৰিৱৰ্তনশীল ৩-১-৬ অথবা ৫-৪-১লৈ ফৰ্মেচন গঠনৰ বাবে মৰিয়াছুৱে লোৱা সিদ্ধান্ত কিমান সময়োচিত আছিল।
পূৰ্বানুমান: জাপানে এটা অতি কঠিন গ্ৰুপত তিনি পইণ্ট গোটাই মানসিকভাৱে অগ্ৰগতি লৈছেই৷ স্পেইনেও কোষ্টাৰিকাক বিধ্বস্ত কৰি নিজৰ শক্তিৰ উমান দিছে৷ এতিয়া জাৰ্মানীয়ে পৰৱৰ্তী মেচত স্পেইনক হৰুওৱাৰ বাদে আন কোনো বিকল্প নাই৷ কিন্তু তাৰ বাবে দলটোৱে পৰিচিত ছন্দ উভতাই পাবই লাগিব৷
লগতে পঢ়ক – আঘোণৰ সোণোৱালী পথাৰত উপচি পৰিছে সপোণৰ সোণগুটি