নিউজ ডেস্কঃ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্তিম বিদায় সম্পন্ন হৈছে। ৰাণী গৰাকীৰ অন্তেষ্টিক্ৰিয়াত জাপানৰ ৰজা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিকে ধৰি বিশ্বৰ শীৰ্ষ নেতাসকল উপস্থিত আছিল। এই কাৰ্যসূচী বিগত ১০০ বছৰৰ আটাইতকৈ ডাঙৰ কাৰ্যসূচী হিচাপে গণ্য কৰা হৈছে। বিশ্বৰ প্ৰায় ১০০ খন দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ লগতে শীৰ্ষ নেতাসকল ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, চীনৰ উপ ৰাষ্ট্ৰপতি Wang Qishan আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ৱেষ্টমিনষ্টাৰ এবেত উপস্থিত হৈছে। ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সমগ্ৰ ব্ৰিটেইনত দুই মিনিটৰ মৌনতা অৱলম্বন কৰা হয়।

ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম’ৰেল কেচেলত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ আজি ১১দিন সম্পূৰ্ণ হৈছে। ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰদৰ্শনৰ বাবে ব্ৰিটেইনৰ ১০০ খনতকৈও অধিক থিয়েটাৰ আৰু পাৰ্কত ডাঙৰ পৰ্দা লগোৱা হৈছে। 

১৯৬৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰিটেইনত ৰাজকীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী Winston Churchillৰ ৰাজকীয়ভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল।

ৰাণী দ্বিতীয় এলিজাবেথৰ অন্তিম যাত্ৰাত ব্ৰিটেইনৰ সেনা, বায়ু সেনা আৰু নৌসেনাৰ শ শ সৈন্যইও অংশগ্ৰহণ কৰিছে। অন্ত্যেষ্টিক্ৰিয়া ৱেষ্টমিনষ্টাৰ এবেত অনুষ্ঠিত কাৰ্যসূচীত প্ৰায় বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানকে ধৰি ৬০ খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰাণী দ্বিতীয় এলিজাবেথ কেৱল ৰাণীয়ে নাছিল সাধাৰণ ৰাইজৰ হৃদয়তো ৰাণীৰ দৰেই তেওঁ স্থান লাভ কৰিছিল। সেইকাৰণে ৰাণীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত সাধাৰণ জনতাৰ পৰা শীৰ্ষনেতালৈকে সকলোৱে ৰাণীক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply