নিউজ ডেস্ক : পঞ্জাবৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সিঙে কয়, ‘এতিয়ালৈকে মই কংগ্ৰেছত আছো যদিও আৰু কংগ্ৰেছত নাথাকিম।’
প্ৰাক্তন মুখ্য মন্ত্ৰী সিঙে কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰিব বুলি বিভিন্ন মহলত চৰ্চা চলি আছে যদিও এই কথা অস্বীকাৰ কৰি কংগ্ৰেছ এৰাৰ পিছত বিজেপিত যোগদান নকৰে বুলি তেওঁ দাবী কৰে।
আনহাতে, অমৰিন্দৰ সিঙে বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক তেওঁৰ দিল্লীৰ বাসভৱনত গৈ সাক্ষাৎ কৰাৰ মাত্ৰ এদিন পিছত আজি পুৱা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালক লগ ধৰে বুলি জানিব পৰা গৈছে।
অৱশ্যে অমিত শ্বাহৰ সৈতে বৰ্তমান চলি থকা কৃষক আন্দোলনৰ বিষয়েহে আলোচনা কৰিছিল বুলি সিঙে মন্তব্য কৰিছিল।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : NESFB -ত ৯৪ টা পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান