নিউজ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ বাবে এক বেয়া খবৰ। ডুবাইত অনুষ্ঠিত হ’ব লগীয়া এছিয়া কাপলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ক’ভিডত আক্ৰান্ত হ’ল প্ৰশিক্ষক ৰাহুল দ্ৰাবিদ। মঙলবাৰে বি চি চি আই (BCCI)-এ এই কথা জানিব দিয়ে।  

এক বিজ্ঞপ্তি যোগে BCCI –ৰ সম্পাদক জয় শ্বাহে এই কথা সদৰী কৰি কয় যে বৰ্তমান BCCI –ৰ এটা চিকিৎসকৰ দলে ৰাহুৰ দ্ৰাবিদৰ স্বাস্থ্যৰ চোৱাচিতা কৰি আছে আৰু তেওঁৰ ক’ভিড ৰিপৰ্ট নিগেটিভ আহিলেই তেওঁ দলক পুনৰ সংগ দিব।

উল্লেখযোগ্য যে অহা ২৭ তাৰিখৰ পৰা ডুবাইত ২০২২ বৰ্ষৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰোহীত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২৮ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথম খেলত অৱতীৰ্ণ হ’ব।

লগতে পঢ়ক – গোৰেশ্বৰত চৰকাৰী অনুদান লাভৰ পৰা বঞ্চিত বহু বানপীড়িত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply