নিউজ ডেস্ক : দেশত কভিডৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কভিডৰ দ্বিতীয়টো ঢৌৱে দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে পশ্চিম বংগত অনুষ্ঠিত হৈ আছে বিধানসভা নিৰ্বাচনত। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনকলৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগত নিৰ্বাচনী সভা বাতিল কৰিছে।
কংগ্ৰেছ নেতা গৰাকীয়ে পশ্চিম বংগৰ তেওঁৰ সকলো নিৰ্বাচনী সভা দেশৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছ নেতা গৰাকীয়ে নিজৰ টুইট যোগে এই সম্পৰ্কে জানিবলৈ দি কয় যে “কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই পশ্চিম বংগত মোৰ সকলো নিৰ্বাচনী সভা বাতিল কৰিছোঁঁ।”
ৰাহুল গান্ধীয়ে টুইটৰ যোগে লগতে অন্যান্য ৰাজনৈতিক দলৰ নেতা সকলক দেশৰ সাম্প্ৰতিক কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পৰিণামৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে কভিডৰ দ্বিতীয়টো ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে। দেশত প্ৰতিদিনে লাখ লাখ লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে বহু লোক।