নিউজ ডেস্কঃ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ।
লোকসভাৰ সচিবালয়ে আজি জাননী যোগে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ ঘোষণা কৰে।
অহা ৮ বছৰলৈকে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব ৰাহুল গান্ধী।
ৰাহুল গান্ধীয়ে ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনীৰ প্ৰচাৰ সময়ত মোদী উপাধিৰ সন্দৰ্ভত মন্তব্য কৰিছিল।
যাৰ বাবে চুৰাটৰ এখন আদালত বিজেপিৰ বিধায়ক তথা প্ৰাক্তন গুজৰাটৰ মন্ত্ৰী পূৰ্ণেশ মোদীয়ে এক অভিযোগ দাখিল কৰিছিল।
যাৰ পৰিপ্ৰেক্ষতেই বুধবাৰে ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছিল। কাৰাদণ্ডৰ পৰা ৰাহুল গান্ধীয়ে পিছে লগে লগেই জামিন লাভ কৰিছিল।
অপৰাধী হিচাপে আদালতে ৰায়দান দিয়াৰ পিছতেই আজি লোকসভাৰ ফালৰ পৰা কেৰেলাৰ সাংসদ হিচাপে ৰাহুল গান্ধীৰ নাম খাৰিজ কৰে।
লগতে পঢ়ক – কোনে হত্যাৰ ভাবুকি দিছিল ছলমান খানক!