নিউজ ডেস্ক : ক’ভিডৰ সংহাৰী ৰূপৰ মাজতে ক’ভিড মহামাৰীৰ লগত যুঁজিবলৈ ৰাহুল গান্ধীয়ে মুকলি কৰিলে চিকিৎসাজনীত উপদেষ্টা সহায়ক নম্বৰ। কংগ্ৰেছৰ নেতা গৰাকীয়ে চিকিৎসক সকলক আগুৱাই আহি ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছে। ৰাহুল গান্ধীয়ে এক টুইটযোগে চিকিৎসক সকলৰ পৰা সহায় বিচাৰিছে।

ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশতে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰতিদিনে দেশত কেইবালক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে যিমানেই চেষ্টা চলাইছে সিমানেই অধিক সংহাৰী হৈ উঠিছে এই মাৰাত্মক ভাইৰাছ।

দেশত ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থকাৰ মাজতে কভিডৰ লগত যুঁজিবলৈ আগুৱাই আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছৰ নেতা গৰকীয়ে ৰাইজক সহায় কৰিবলৈ আগুৱাই আহি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাহুল গান্ধীয়ে এক টুইটযোগে কয় যে “বৰ্তমান সময় দেশবাসীৰ লগত থিয় হোৱাৰ সময়। আমি ৰাইজৰ সহায়ৰ বাবে
চিকিৎসাজনীত উপদেষ্টা সহায়ক নম্বৰ মুকলি কৰিছোঁ। আপুনি ৯৯৮৩৮৩৬৮৩৮ নম্বৰত ফোন কৰি চিকিৎসাজনীত উপদেশ ল’ব পাৰিব”।

কংগ্ৰেছৰ নেতা গৰাকীয়ে টুইটযোগে চিকিৎসকসকলক ৰাইজৰ সহায়ৰ বাবে এই নম্বৰত পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে দেশত শুকুৰবাৰৰ দিনটোতে কভিড আক্রান্তৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰি ৪ লাখটতকৈও অধিক লোকক আক্রান্ত কৰিছে। শুকুৰবাৰৰ দিনটোত দেশত মৃত্যু ঘটিছে ৩,৫২৩ জন ক’ভিড আক্রান্ত লোকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply