নিউজ ডেস্ক: এটা ভাইৰেল ভিডিঅ’ক লৈ পুনৰ বিপদত পৰিছে গান্ধী পৰিয়ালৰ ‘যুৱৰাজ’, কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিদেশৰ এটা নৈশ ক্লাবত তেওঁক দেখা পোৱা এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নেতাগৰাকী বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।

মঙলবাৰে টুইটাৰত ভাইৰেল হৈ পৰা ভিডিঅ’টোত ৰাহুল গান্ধীক এটা নৈশ ক্লাবৰ ভিতৰত এগৰাকী মহিলাৰ সৈতে দেখা পোৱা গৈছে। ১২ ছেকেণ্ডৰ ভিডিঅ’টোত গান্ধীক তেওঁৰ কাষত থকা মহিলা গৰাকীক কিবা কৈ থকা যায়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম India Todayৰ মতে উক্ত ভিডিঅ’ নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ এটা নৈশ ক্লাবত তোলা হৈছিল, অৱশ্যে ভিডিঅ’টো কেতিয়া তোলা হৈছিল সেয়া গম পোৱা নাযায়। India Today-ত প্ৰকাশ পোৱা মতে এগৰাকী সাংবাদিক বন্ধুৰ বিবাহ অনুষ্ঠানত ভাগ লোৱাৰ বাবে সোমবাৰে ৰাহুল গান্ধীয়ে নেপালত আছিল।

লগতে পঢ়ক – জামুগুৰিহাটতো ঈদগাহ ময়দানত ঈদুল ফিতৰ সমূহীয়া নামাজ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply