নিউজ ডেস্কঃ কংগ্ৰেছী নেতা ৰাহুল গান্ধী কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।

কভিডত আক্ৰান্ত হোৱাৰ কথা আজি ৰাহুল গান্ধীয়ে টুইটযোগে শ্বেয়াৰ কৰে।

তেওঁৰ শৰীৰত ক’ভিডৰ সামান্য লক্ষণে দেখা দিছে।

শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে।

লগতে সকলোকে কভিড প্ৰ’টকল মানি সুৰক্ষিত থাকিবলৈ অনুৰোধ কৰিছে।

শেহতীয়াকৈ ৰাহুল গান্ধী পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ কেইবাটাও নিৰ্বাচনী ৰেলীত অংশ লৈছিল।

তেতিয়াই নেতাগৰাকী কভিডত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে।

ইপিনে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং কোৰোনাত আক্ৰান্ত হৈছে।

সম্প্ৰতি হোম কোৱাৰাইন্টাইনত আছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।

সোমবাৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙো আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত ।

দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে মনমোহন সিঙক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply