নিউজ ডেস্কঃ পূব ইৰাণত সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এই ৰে’ল দুৰ্ঘটনাত ১০জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ৫০জন লোক। ইৰাণৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বুধবাৰে পুৱা লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী ৰে’লখন।

এই দুৰ্ঘটনাত আহত সকলৰ ভিতৰত ১৫জন লোকৰ অৱস্থা অতি সংকটজনক। ৰে’লখন মশ্বদৰ যাজদৰ পৰা যাত্ৰীক লৈ আগুৱাই যোৱা ৰে’লখনৰ পুৱা ৫.৩০ বজাত দুৰ্ঘটনাত পতিত হয়।

ইফালে, দেশখনৰ ৰে’লৱেৰ এগৰাকী বিষয়াই কয় যে- মাটি খনন কৰা এটা মেচিনত প্ৰথমে খুন্দা মৰাৰ পাছত ৰে’লখন লাইনচ্যুত হৈ বাগৰি পৰে। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে হেলিকপ্টাৰযোগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply