নিউজ ডেস্কঃ দেশৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ। দক্ষিণ পূব মধ্য ৰে’লৱেৰ ৰায়পুৰ ডিভিজনে সহস্ৰাধিক পদৰ বাবে জাননী প্ৰকাশ কৰিছে। ৱেল্ডাৰ, টাৰ্ণাৰ, ফিট্টাৰ, ইলেকট্ৰিচিয়ান, ষ্টেনগ্ৰাফাৰ (ইংৰাজী), ষ্টেনগ্ৰাফাৰ (হিন্দী), কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেম এছিছটেন্ট, হেল্থ আৰু ছেনেটৰী ইন্সপেক্টৰ, মেচিনিষ্ট, মেকানিক ডিজেল, মেকানিক ৰিপেয়াৰ আৰু এয়াৰ কণ্ডিশ্যনাৰ, মেকানিক আৰু অটো ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিকছ পদৰ বাবে এই জাননী প্ৰকাশ কৰা হৈছে।
জাননীখনত উল্লেখ কৰা অনুসৰি, অহা ২৪ মে’, ২০২২ৰ ভিতৰত ইচ্ছ্যুক যুৱক-যুৱতীয়ে অনলাইনযোগে আৱেদন কৰিব পাৰিব। মুঠ খালী পদ আছে ১০৩৩টা।
ইয়াৰে ডিএমআৰ অফিচ, ৰায়পুৰ ডিভিজনৰ বাবে ৬৯৬টা, ৱেল্ডাৰৰ বাবে ১১৯টা, টাৰ্ণাৰৰ বাবে ৭৬টা, ফিট্টাৰৰ বাবে ১৯৮টা, ইলেকট্ৰিচিয়ানৰ বাবে ১৫৪টা, ষ্টেনগ্ৰাফাৰ (ইংৰাজী)ৰ বাবে ১০টা, ষ্টেনগ্ৰাফাৰ (হিন্দী)ৰ বাবে ১০টা, কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেম এছিছটেন্টৰ বাবে ১০টা, হেল্থ আৰু ছেনেটৰী ইন্সপেক্টৰৰ বাবে ১৭, মেচিনিষ্টৰ বাবে ৩০টা, মেকানিক ডিজেলৰ বাবে ৩০টা, মেকানিক ৰিপেয়াৰ আৰু এয়াৰ কণ্ডিশ্যনাৰৰ বাবে ১২টা, মেকানিক আৰু অটো ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিকছৰ বাবে ৩০টা পদত যোগ্য প্ৰাৰ্থী বিচৰা হৈছে।
ইফালে, ৱেগন ৰিপায়েৰ শ্বপ, ৰায়পুৰৰ বাবে ৩৩৭টা, ৱেল্ডাৰৰ বাবে ১৪০টা, টাৰ্ণাটৰৰ বাবে ১৫টা, ফিট্টাৰৰ বাবে ১৪০টা, ইলেকট্ৰিচিয়ানৰ বাবে ১৫টা, মেকানিষ্টৰ বাবে ২০, ষ্টেনগ্ৰাফাৰ (হিন্দী)ৰ বাবে ২টা আৰু কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেম এছিছটেন্টৰ বাবে ৫টা পদ খালী আছে।
এই পদসমূহত আৱেদন কৰিবলৈ দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। দশম শ্ৰেণীত আৱেদনকাৰীয়ে ৫৫ শতাংশ নম্বৰ লাভ কৰাৰ লগতে আইটিআই চাৰ্টিফিকেট থাকিব লাগিব। অৱশ্যে সকলো পদৰ বাবে শিক্ষাগত অৰ্হতা পৃথক পৃথক।
এই সন্দৰ্ভত সকলো জানিবৰ বাবে South East Central Railwayৰ অফিচিয়েল ৱেবছাইট apprenticeshipindia.gov.in. লৈ গৈ আৱেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে চাব পাৰে। উল্লেখ কৰাৰ প্ৰয়োজন যে- এই পদসমূহৰ বাবে আৱেদন কৰিবলৈ আৱেদনকাৰীসকলৰ বয়স ১৫ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব।