নিউজ ডেস্কঃ আপুনি দীৰ্ঘসময়ৰ বাবে ৰেল ভ্ৰমণলৈ যাবলৈ ওলাইছে আপোনাৰ ম’বাইল ফোনটোতো চাৰ্জ কমি আহিছে, ৰেলত উঠিয়েই ফোনটো চাৰ্জ কৰি ল’ম বুলি ভাবে নেকি ? তেনেকৈ যদি ভাবে তেনেহ’লে এতিয়াৰ পৰা অলপ সাৱধান হওঁক।

কাৰণ এতিয়াৰে পৰা ৰেলত চাৰ্জ দিব নোৱাৰিব কোনোধৰণৰ বৈদ্যুতিক আহিলা।

ৰে’লত প্ৰায়ে জুইৰ সূত্ৰপাত হোৱা দেখা যায় আৰু ইয়াৰ প্ৰধান কাৰণ শ্বৰ্ট চাৰ্কিট সেয়েহে ভাৰতীয় ৰে’লৱে যাত্ৰীসকলক নিশা ১১বজাৰ পৰা পুৱা ৫বজা লৈকে ম’বাইল চার্জিং কৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।

পশ্চিমৰ ৰে’লৱে ইতিমধ্যে ১৬ মাৰ্চৰ পৰা এই প্ৰক্ৰিয়া সমূহ আৰম্ভ কৰিছে ।

২০১৪ চনত ৰে’লৱে সুৰক্ষা আযুক্তই বাংগালোৰ- হাজুৰ চাহিব নাণ্ডেদ এক্সপ্ৰেছত জুইৰ ঘটনাৰ পিছতে নিশা ১১বজাৰ পৰা পুৱা ৫বজালৈ চার্জ বন্ধ কৰাৰ পৰামৰ্শ দিছিল।

ৰে’লৱেৰ এজন জ্যেষ্ঠ বিষয়াই মঙলবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে পশ্চিম ৰে’লৱেৰ দৰে বাকী দেশত এই নিয়ম আৰম্ভ কৰা হ’ব।

চাৰ্জিং পইণ্ট  ৬ ঘণ্টাৰ বাবে বন্ধ কৰা হ’ব। ৰেলত উঠাৰ আগেয়ে ম’বাইল ফোন,লেপটপ ভালকৈ চাৰ্জ দি লওক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply