নিউজ ডেস্ক : পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণৰ গোচৰত অভিযুক্ত জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই অৱশেষত জামিন লাভ কৰিছে। সোমবাৰে মুম্বাই আদালতে ৫০,০০০ টকাৰ জৰিমনাৰ বিনিময়ত ব্যৱসায়ী গৰাকীৰ জামিন মঞ্জুৰ কৰে।
শেহতীয়া খবৰ অনুসৰি মঙলবাৰে পুৱা প্ৰায় ১০.৩০ বজাত ৰাজ কুন্দ্ৰা কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণ আৰু অনলাইনৰ জৰিয়তে সেইসমূহৰ বিতৰণৰ সংক্ৰান্তত যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল। উক্ত গোচৰত যোৱা ২ মাহ ধৰি তেওঁ কাৰাগাৰত আছিল।
যোৱা ১৫ ছেপ্টেম্বৰত মুম্বাই আৰক্ষীয়ে এই ঘটনাক লৈ কুন্দ্ৰা বিৰুদ্ধে ন্যায়ালয়ত ১৪০০ পৃষ্ঠাৰ এখন ছাৰ্জশ্বিট দাখিল কৰিছিল।
অৱশ্যে কুন্দ্ৰাৰ অধিবক্তাই জনোৱা অনুসৰি উক্ত চাৰ্জশ্বিটত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে কোনোধৰণৰ গোচৰ প্ৰমাণ হোৱা নাই। যাৰ বাবে আদালতে তেওঁৰ জামিনৰ আৱেদন মঞ্জুৰ কৰে।
লগতে পঢ়ক : বেয়া কলেষ্টৰেলৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এই কেইবিধ খাদ্য