নিউজ ডেস্কঃ জনপ্ৰিয় শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত ৰাজন মিশ্ৰৰ দেহাৱসান।

কৰোনাত আক্ৰান্ত হৈ দিল্লীৰ গংগাৰাম হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে পণ্ডিত ৰাজন মিশ্ৰয়ে।

কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও ৰাজন মিশ্ৰ হৃদৰোগতো আক্ৰান্ত হৈ আছিল।

কৰোনাত আক্ৰান্ত শিল্পী গৰাকী ছেন্ট ষ্টিফেন হস্পিতালত  চিকিৎসাধীন হৈ আছিল পিছত হৃদৰোগৰ সমস্য়া হোৱাত হস্পিতালখনত ভেন্টিলেটৰৰ সুবিধা নোপোৱাত তেওঁক গংগাৰাম হস্পিতাললৈ স্থানান্তৰ কৰা হয় যদিও ইতিমধ্যে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ মৃত্যুত বেনাৰস ঘৰানাৰ ৰাজন – সজনৰ বিখ্যাত যুঁটী চিৰজীৱলৈ ভাঙি যায়।

পণ্ডিত ৰাজন মিশ্ৰ ১৯৫১চনত বেনাৰসত জন্মগ্ৰহণ কৰিছিল। ২০০৭চনত পণ্ডিত ৰাজন মিশ্ৰলৈ পদ্মভূষণ সন্মানো আগবঢ়োৱা হৈছিল।

তেওঁ ভাৰতীয় সংগীতত সংগীত নাটক একাডেমী বঁটা, GIMA এৱাৰ্ডো লাভ কৰিছিল।

মিশ্ৰৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোকপ্ৰকাশ কৰি টুইট কৰে।

মৃত্যুৰ সময়ত পণ্ডিত ৰাজন মিশ্ৰৰ বয়স হৈছিল ৭০ বছৰ। তেওঁৰ মৃত্যুত তেওঁৰ পৰিয়ালৰ লগতে

শুভাকাংক্ষীসকল শোকত ম্ৰিয়মান হৈ পৰিছে।

পণ্ডিত ৰাজন মিশ্ৰৰ মৃত্যু সমগ্ৰ ভাৰতীয় সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

আৰু পঢ়কঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply