নিউজ ডেস্কঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে বুধবাৰে বিধানসভাত ২০২০-২৩বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই বাজেটখনত মুখ্যমন্ত্ৰী গেহলোটে চৰকাৰী কৰ্মচাৰীসকলৰ সম্পৰ্কীয় এক ডাঙৰ ঘোষণা কৰে। চৰকাৰী কৰ্মচাৰীসকলক উপহাৰ হিচাপে এই বাজেটত পুৰণি পেঞ্চন যোঁজনা পুনৰ বলবৎ কৰা হ’ব বুলি কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ১ জানুৱাৰী, ২০০৪চনৰ পাছত যিসকল লোকে চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছে তেওঁলোকক পুনৰ পূৰ্বৰ পেঞ্চন যোঁজনা অধীনত সুবিধা সমূহ প্ৰদান কৰা হ’ব।

লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গেহলোটে বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ বাবে বেতনৰ পৰা ধন কৰ্ষণ কৰা সিদ্ধান্তক প্ৰত্যাহাৰ কৰাৰ কথা জনায়। উল্লেখযোগ্য যে, ২০১৭চনত ৰাজ্যখনৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বেতনৰ এটা অংশ পেঞ্চনৰ নামত কৰ্ষণৰ সিদ্ধান্ত লৈছিল।

ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে টুইটাৰত লিখিছে- ‘এই কথা আমি সকলোৱে জানো যে, চৰকাৰী সেৱাসমূহৰ সৈতে জড়িত কৰ্মচাৰীসকলে নিজৰ আৰু পৰিয়ালৰ ভৱিষ্যৎ সুৰক্ষিত অনুভৱ কৰিলে তেওঁলোকে দায়িত্ব পালন কৰা দিন কেইটাত সুশাসনৰ বাবে নিজৰ অমূল্য অৱদান দিব পাৰিব। সেয়েহে ১ জানুৱাৰী, ২০০৪চনৰ পাছত যিসকলে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিছে তেওঁলোকক অহা বৰ্ষৰ পৰা পুৰণি পেঞ্চন যোঁজনা বলবৎ কৰা হ’ব।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply