নিউজ ডেস্কঃ ৰাজস্থানত ২৪ ঘন্টাৰ পাছত কুঁৱাত আৱদ্ধ এটি শিশুক উদ্ধাৰ কৰা হয়। ৰাজ্যখনৰ ছিকৰ জিলাত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ ৪ বছৰীয়া শিশুটি বাগৰি পৰে কুঁৱাটোত। আৰু ২৪ ঘন্টাৰ পাছত কুঁৱাটোৰ ৫০ ফুট দ’ৰ পৰা সোশৰীৰে উদ্ধাৰ কৰা হয় শিশুটিক।

ছিকৰ আৰক্ষী অধীক্ষক কোঁৱৰ ৰাষ্ট্ৰদীপে কয় যে- কুঁৱাটোত ২৪ ঘন্টা আৱদ্ধ হৈ থকাৰ পাছত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। শিশুটিৰ প্ৰাথমিক চিকিৎসাৰ বাবে ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, শিশুটিক উদ্ধাৰ কৰাৰ বাবে চলোৱা অভিযানৰ সময়ত অক্সিজেনৰ বাবে কুঁৱাটোৰ ভিতৰত পাইপযোগে অক্সিজেনৰ ব্যৱস্থা কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply