নিউজ ডেস্কঃ ৰাজস্থানত এগৰাকী আইএএছ আৰু ৰাজস্থান প্ৰশাসনিক সেৱাৰ আন এগৰাকী বিষয়াসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে ৰাজস্থানৰ অলৱৰত এন্টি কৰাপশ্যন ব্যুৰই গ্ৰেপ্তাৰ কৰে তিনিওজনকে।

ব্যুৰ মহানিৰ্দেশক বি এল ছোনীয়ে জয়পুৰত সাংবাদিকক কয় যে- অলৱৰৰ জিলা কালেক্টৰ আইএএছ বিষয়া নন্নুমল পহাড়ীয়া, আৰএএছ বিষয়া অশোক আৰু এজন দালাল নীতিন শৰ্মাক এটা পৰিয়ালৰ পৰা ৫ লাখ টকা উৎকোচ লোৱা সময়ত হাতে-লুটে গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ অনুসৰি, গ্ৰেপ্তাৰ কৰা লোক কেইজনে পৰিয়ালটোৰ পৰা ১৬ লাখ টকাৰ উৎকোচ বিচাৰিছিল। তাৰপাছত পৰিয়ালটোৱে এই সন্দৰ্ভত গোচৰ কৰাৰ পাছত এন্টি কৰাপশ্যন ব্যুৰই এনেদৰে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰা লোক কেইজনক সোধ-পোছ অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply