নিউজ ডেস্কঃ ৫১ সংখ্যক দাদা চাহেব ফাল্কে বঁটা ঘোষণা কৰা হৈছে। দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তক বঁটাৰে সন্মানিত কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই কথা টুইটযোগে ঘোষণা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাদাচাহেব ফাল্কে বঁটা প্ৰদানৰ কথা ঘোষণা কৰি কয় যে দাদাচাহেব ফাল্কে বঁটা ২০২০ ভাৰতীয় চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তলৈ আগবঢ়োৱা হ’ব। এজন অভিনেতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ হিচাপে তেওঁৰ অৱদান অতুলনীয় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জুৰি সদস্য হিচাপে থকা আশা ভোছলে, মোহনলাল, সুভাষ ঘাই, বিশ্বজিত চেটাৰ্জী আৰু শংকৰ মহাদেৱনকো কৃতজ্ঞতা জ্ঞাপন কৰে।

জনপ্ৰিয় অভিনেতা গৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে এই মহান কৃতিত্বৰ বাবে শুভকামনা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply