নিউজ ডেস্ক : চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ছুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে সন্মানীয় দাদাচাহেব ফাল্কে বঁটা। সোমবাৰে অনুষ্ঠিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে অভিনেতা গৰাকীক উক্ত বঁটা প্ৰদান কৰে।

দাদাচাহেব ফাল্কে বঁটা হৈছে ভাৰতীয় চিনেমাৰ আটাইতকৈ সৰ্বোচ্চ সন্মান। ৰজনীকান্তলৈ ২০১৯ বৰ্ষৰ বাবে উক্ত সন্মান আগবঢ়োৱা হয়।

বঁটা গ্ৰহণ কৰি অভিনেতাজনে তেওঁৰ অনুৰাগীসকলৰ উপৰি নিজৰ জ্যেষ্ঠ ভাতৃ সত্যনাৰায়ণ ৰাও, বন্ধু ৰাজ বাহাদুৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সহকৰ্মীসকলৰ লগতে বিশেষভাৱে তামিল দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰে।

‘এই সন্মানীয় বঁটা লাভ কৰি মই নিজকে ধন্য মানিছো তথা চৰকাৰক ধন্যবাদ জনাইছো। মই এই সন্মান মোৰ গুৰু কে বালাচন্দৰৰ প্ৰতি উচৰ্গা কৰিছো,’ ৭০ বছৰীয়া অভিনেতাজনে কয়।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ৰজনীকান্তক ‘এইখন মহান দেশৰ এগৰাকী সুযোগ্য সন্তান’ বুলি অবিহিত কৰে।

আজিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তৰ সৈতে তেওঁৰ পত্নী লতা, জীয়ৰী সৌন্দৰ্য ৰজনীকান্ত আৰু জোঁৱায়েক মাই ধনুষ উপস্থিত আছিল। ১৯৭৫ চনত চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা ৰজনীকান্তে যোৱা ৪৬ বছৰ ধৰি মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত হৈ আছে।

লগতে পঢ়ক : ছাহৰুখ খানৰ পৰা ২৫ টকা দাবী Narcotics Control Bureau-ৰ!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply