প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অসম -অৰুণাচল সীমান্ত লখিমপুৰ জিলাৰ বিলগড় ITBPৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ কিমিন – পুতিন সংযোগীকে ধৰি দেশৰ ১২ টা সীমান্ত পথ আৰু জন্মু কাশ্মীৰ লাডাখৰ দুটিকৈ সীমান্ত পথ ভাৰ্ছুৱেলী উদ্ঘাটন কৰি দেশবাসীক সমৰ্পন কৰে ।
লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ বিলগড়ত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পথসমূহ উদ্ধোধন কৰে ।
ITBPৰ প্ৰশিক্ষণ আৰু নিয়োগ কেন্দ্ৰৰ পৰা মন্ত্ৰী জনে মুকলি কৰিলে বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনে নিৰ্মান সম্পন্ন কৰা মুঠ ১২ টা পথৰ। ইয়াৰ ভিতৰত অন্যতম হৈছে কিমিনৰ পৰা পুটিন সংযোগী ২০ কিলোমিটাৰৰ পথ। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অসম আৰু অৰুণাচলৰ সৌন্দৰ্যৰ শলাগ লয়।
উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ মুখ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হে দেখিবলৈ পাইছে বুলি ভাষনত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । আন্তঃৰাষ্ট্ৰীয় সীমা লাগি থকাৰ বাবে বহুত প্ৰত্যাহ্বান আছে উত্তৰ পূৰ্বাঞ্চলত। আজি মুকলি কৰা পথে সহায় কৰিব বিকাশৰ লগতে
সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হব বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। প্ৰয়োজনত এই পথ সেনাৰ সঞ্চালনৰ বাবে সুবিধা হব বুলিও কয়। ভাৰতৰ সোঁহাত স্বৰূপ উত্তৰ পূৰ্বাঞ্চল। সোঁহাত যিমান মজবুত হব সিমানেই ভাৰত শক্তিশালী হব _এইয়াই আমাৰ লক্ষ্য । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত সেনা বাহিনীত বহুত উন্নয়ন হৈছে।
সেনা বাহিনীত প্ৰয়োজনীয় সকলো সামগ্ৰী ভাৰতে নিজেই নিৰ্মাণ কৰিব.. বেলেগ দেশে আমাৰ পৰা কিনিব। ভাষণ প্ৰসংগত অৰুণাচলৰ সুস্বাদু ফল কিৱিৰ বহিৰাজ্যত জনপ্ৰিয়তা ৰ কথা দোহাৰে ৰাজনাথ সিঙে।
অনুস্থানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে উপস্থিত থাকে পথ নিৰ্মানকাৰী সংস্থা BROৰ উচ্চপ্ৰদস্থ বিষয়া, তিনিওটা সেনাৰ মুৰব্বী বিপিন ৰাউতকে বহুসংখ্যক ব্যক্তি।
লগতে পঢ়ক জুলাইৰ পৰা ১২-১৮ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ ওপৰত ভেকচিনৰ ট্ৰায়েল আৰম্ভ কৰিব ছিৰাম ইন্সটিটিউটে