ৰাজ্যসভাৰ নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ। শাসকীয় বিজেপিয়ে দুয়োখন আসনতেই প্ৰাৰ্থী দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োখন আসনতেই জয় লাভ কৰিব বুলি জানিবলৈ দিছে। সংখ্যাৰ দিশেৰে বিজেপিক দ্বিতীয় খন আসনৰ বাবে এটা ভোটৰ প্ৰয়োজন হ’ব। এনে অবস্থাত বিজেপিয়ে বিৰোধীৰ পৰা এজন বিধায়কৰ সমৰ্থন কেনেদৰে আদায় কৰে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব দ্বিতীয়খন আসনৰ ফলাফল।
ৰাজ্যসভা নিৰ্বাচনক লৈ সপোন ভাঙিল এইবাৰ আকৌ এআইইউডিএফৰ। ৰাহুল-ছোনিয়াৰ সৈতে আলোচনা কৰিও নিজৰ নামত প্ৰাৰ্থিত্ব গোটাব নোৱাৰিলে দলটোৱে। আজমল বাহিনীৰ হৈ দিল্লীত আলোচনা কৰিবলৈ গৈছিল বিধায়কদ্বয় আমিনুল ইছলাম আৰু কৰিমুদ্দিন বৰভূঞা।
দুয়ো কংগ্ৰেছ নেতৃত্বৰ সৈতে আলোচনা কৰি ব্যৰ্থ হৈ ৰাজ্যসভা নিৰ্বাচনৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছৰেই হোৱাত সন্মতি উভতি আহে। কংগ্ৰেছৰ ফালৰ পৰাও বহুকেইজনে প্ৰাৰ্থীত্ব বিচাৰিছে। ৰিপুন বৰাকেই প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাবনা অধিক।