নিউজ ডেস্কঃ চলিত বৰ্ষৰ ২৬ জানুৱাৰীত নেপালৰ পোখৰাত অৱস্থিত শালীগ্ৰামী নদীৰ পৰা দুটুকুৰা বিশাল শিলাখণ্ড ৰাম মন্দিৰৰ ৰাম আৰু সীতাৰ মূৰ্তি নিৰ্মাণৰ বাবে অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে । বিশেষজ্ঞৰ দাবী অনুসৰি এই শিলাখণ্ড প্ৰায় ৬ কোটি বছৰ পুৰণি বুলি জানিব পৰা গৈছে।

শিলাখণ্ডটোৰ এটাৰ ওজন প্ৰায় ২৬ টন আৰু আন টুকুৰাৰ ওজন প্ৰায় ১৮ টন বুলি জানিব পৰা গৈছে । এই বিশাল শিলাখণ্ড দুটা অযোধ্যা লৈ ২ ফেব্ৰুৱাৰীত আহি পোৱাৰ সম্ভাৱনা আছে বুলি ৰাম মন্দিৰৰ নিৰ্মাণত কৰ্মৰত ব্যক্তিৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,নেপালৰ শালিগ্ৰামী নদীৰূপে পৰিচিত নৈখন ভাৰতত প্ৰৱেশ কৰাৰ পিছতে নাৰায়ণী নদী ৰূপে জনাজাত । ভাৰতলৈ অহাৰ পথত এই দুই বিশাল শিলাখণ্ডৰ লগত প্ৰায় এশজনৰো ওপৰত ব্যক্তিয়ে যাত্ৰা কৰা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply