আন এখন বিয়াৰ বাবে সাজু হৈছে বলিউড। দীৰ্ঘদিন ধৰি চলি থকা বিভিন্ন জল্পনা কল্পনাৰ অন্ত পৰিব অহা ১৭ এপিলত । কিয়নো অহা ১৭ এপিলত যুগ্ম জীৱনৰ আৰম্ভ কৰিব ওলাইছে বলিউডৰ দুই জনপ্ৰিয় তাৰকা ৰনবীৰ কপুৰ আৰু আলিয়া ভাটে। জানিব পৰা মতে শাৰিৰীক ভাৱে অসুস্থ আলিয়াৰ ককাদেউতাক এন ৰাজদানে দুয়োৰে বিয়াখন চোৱাৰ আশা প্ৰকাশ কৰে। তেওৰ এই আশাৰ প্ৰতি সহাৰি জনাই দুয়োৱে বিয়াত বহাৰ সিদ্ধান্ত লৈছে।
বহুদিনৰ পৰা এই সম্পৰ্কটো লৈ চৰ্চাত থকা দেখা গৈছিল। দীৰ্ঘদিনৰ পৰা দুয়োগৰাকী তাৰকাৰ অনুৰাগীৰ লগতে বলিউড পৰিয়াল এই বিয়াখনক লৈ উৎসাহী হৈ আছিল । যদিও অতি খৰখেদাকৈ আৰু অনুষ্টুপীয়াকৈ অনুষ্ঠিত হব লগীয়া এই বিয়া খনত বহু তাৰকাই লাভ নকৰিব নিমন্ত্ৰন।
জানিব পৰা মতে চেম্বুৰৰ আৰ কে ষ্টুডিঅ’ত এদিন বা দুদিনীয়া কাযসূচীৰে অনুষ্ঠিত হবলগীয়া এই বিয়া খনত দুয়ো পৰিয়ালৰ সদস্যৰ লগতে উপস্থিত থাকিব কেৱল মাত্ৰ ৰনবীৰ কাপুৰৰ কেইজনমান অন্তৰংগ বন্ধু। সাধাৰন ভাৱে অনুষ্ঠিত হবলগীয়া এই বিয়া খনত অতি কম সংখ্যক লোকহে উপস্থিত থাকিব।
শেহতীয়াকৈ জানিব পৰা মতে আলিয়া ৰনবীৰৰ বিয়াৰ বাবে নিমন্ত্ৰণ লাভ কৰা সকলৰ তালিকাত কৰন জোহৰ, মনিশ মালহোট্টা, বৰুন ধাৱান, মাছাবা গুপ্তা, অৰ্জুন কাপুৰ, আয়ান মুখাৰ্জী, আলি খান, কৰিনা কাপুৰ ,কৰিশ্মা কাপুৰ, আকাংক্ষা ৰঞ্জনৰ নাম প্ৰকাশ পাইছে।