অসম সহ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ আজি দুটা দিন অতিক্ৰম কৰাৰ পিছতো মুখ্যমন্ত্ৰী অসমত কোন হ’ব সেই লৈ অনিশ্চয়তা আতৰা নাই ।

তাৰ মাজতে বিজেপি নেতৃত্বাধীন পুডুচেৰীৰ এন ডি এ চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে । ৩০ জনীয়া পুডুচেৰী বিধানসভাত এইবাৰ বিজেপি আৰু অল ইন্ডিয়া এন আৰ কংগ্ৰেছে মিলি ১৬ খন আসনত জয়লাভ কৰিছে ।

বিজেপিয়ে ৬ খন আৰু অল ইন্ডিয়া এন আৰ কংগ্ৰেছে ১০ খন আসনত জয়লাভ কৰিছে । ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছে মাত্ৰ দুখন আৰু ডি এম কে দলে ৬ খন আসনত জয়লাভ কৰিছে ।

আনহাতে এইবাৰ ৪ জন নিৰ্দলীয় বিধায়কো নিৰ্বাচিত হৈছে এইবাৰৰ নিৰ্বাচনত । এই চাৰিজন বিধায়কেও এন ডি এ ত সমৰ্থন আগবঢ়াইছে । অল ইন্ডিয়া এন আৰ কংগ্ৰেছৰ নেতা এন ৰংগস্বামীক মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰিছে এনডিএ ৰ নিৰ্বাচিত সদস্যসকলে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply