নিউজ ডেস্ক : বলিউডৰ জনপ্ৰিয় ৰেপাৰ য়ো য়ো হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা, যৌন নিৰ্য্যাতন আৰু মানসিক হাৰাশাস্তিৰ গোচৰ দিছে পত্নী শালিনী তলৱাৰে।

গায়ক গৰাকীৰ বিৰুদ্ধে পত্নীয়ে বুধবাৰে দিল্লীৰ তিছ হাজাৰি আদলতত ‘Protection of Women from Domestic Violence Act’-ৰ অধীনত গোচৰ তৰে।

অহা ২৮ আগষ্টৰ ভিতৰত আদালতে গায়ক গৰাকীক এই সন্দৰ্ভত নিজৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

হানী সিঙে যাতে তেওঁলোকৰ যুটীয়াভাৱে থকা সম্পত্তিৰ পৰা পত্নীক বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে আদালতে শালিনী তলৱাৰৰ সপক্ষে অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰিছে।

২০১১ চনৰ ১১ জানুৱাৰিত শালিনী তলৱাৰৰ সৈতে য়’ য়’ হানী সিং বিবাহপাশত আৱদ্ধ হৈছিল যদিও বিবাহৰ তিনি বছৰৰ পিছত অৰ্থাৎ ২০১৪ চনতহে তেওঁ নিজৰ বৈবাহিক সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল।

লগতে পঢ়ক : মনোজ বাজপায়ীৰ সৈতে বলিউডৰ নতুন ছবিত অসমৰ উৰ্মীলা মহন্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply