নিউজ ডেস্কঃ সাগৰ সদায় বিষ্ময়কৰ। সাগৰৰ গভীৰতাত বিলীন হৈ থাকে বহু অসাধাৰণ তথ্য।
নিউজিলেণ্ডত সাগৰৰ গভীৰতাত উদ্ধাৰ হৈছে এটা বিৰল প্ৰজাতিৰ ছাৰ্ক যাক বিজ্ঞানী সকলে ‘Ghost shark’ বুলি অভিহিত কৰিছে। দেশখনৰ নেচনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড এটমস্ফিয়াৰিক ৰিচাৰ্ছ (এনআইডব্লিউএ)ৰ গৱেষকসকলে সাগৰৰ ৪০০০ফুট তলত দক্ষিণ দ্বীপৰ ওচৰত ব্যতিক্ৰমী ‘Ghost shark’ টো আৱিষ্কাৰ কৰিছে।
‘Ghost shark’ টো দেখাত স্বচ্ছ, জিলেটিন যুক্ত আৰু ইয়াৰ জোঙা মূৰটোত আছে ডাঙৰ ক’লা এযুৰি চকু। এলিয়েনসদৃশ ছাৰ্কটো বিজ্ঞানীসকলে বিশ্বৰ ৫০ টাতকৈও অধিক বিৰল প্ৰজাতিৰ ছাৰ্কৰ ভিতৰৰে এটা বুলি অন্তৰ্ভুক্ত কৰিছে যাক ‘চিমেৰা’ বুলিও কোৱা হয় ।
এইবিধ ছাৰ্কে গভীৰ পানীত বাস কৰে। এন.আই.ডব্লিউ.এ.-ৰ মতে এই প্ৰজাতিটো ঠিক ছাৰ্ক নহয়।ইহঁত হাড়ৰ পৰিৱৰ্তে কাৰ্টিলেজৰ দ্বাৰা নিৰ্মিত এবিধ কংকাল থকা মাছৰ সদৃশ।
গৱেষকসকলে প্ৰথমে এই মাছবোৰৰ স্পেক্টাৰ সদৃশ শৰীৰবোৰ গভীৰ সাগৰৰ তলৰ পৰা ওলাই অহা প্ৰত্যক্ষ কৰিছিল।