নিউজ ডেস্ক : সম্পূৰ্ণ আফগানিস্তান তালিবানৰ দখলত। আফগানিস্তানত পুনৰ আৰম্ভ হৈছে তালিবান ৰাজ। তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে আতংকিত হৈ পৰিছে আফগানিস্তানৰ বাসিন্দা সকল। ইতিমধ্যে দেশ এৰিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্রফ গণি। আফগানিস্তানবাসীও আৰম্ভ কৰিছে দেশৰ পৰা পলায়ন।

আমেৰিকাৰ সেনাই আফগানিস্তান এৰাৰ পিছৰে পৰা দেশখনত পুনৰ সক্ৰিয় হৈ উঠে তালিবান। তালিবানে আফগানিস্তানৰ এটাৰ পিছত আনটো চহৰ দখল কৰাৰ পিছত দেওবাৰে ৰাজধানী কাবুল দখল কৰে। অৱশেষত তালিবানৰ আগত সম্পূৰ্ণৰূপে আফগানিস্তানে আত্মসমৰ্পণ কৰি দেশখন তালিবানৰ হাতলৈ যাব দিয়ে।

তালিবানে কাবুল দখল কৰাৰ পিছত আৰু আফগানিস্তান চৰকাৰৰ আত্মসমৰ্পণৰ পিছতে দেশখনত বিৰাজ কৰিছে এক ভয়ংকৰ পৰিৱেশ। ৰাষ্ট্ৰপতি আশ্রফ গণিৰ দেশ এৰি পলায়ন কৰাৰ পিছত এতিয়া আফগানিস্তানৰ বাসিন্দাই তালিবানৰ আমনৱীয় নিৰ্যাতনৰ বলি হ’বলগীয়া হোৱাৰ ভয়ত দেশ এৰি পলায়ন আৰম্ভ কৰিছে।

আফগানিস্তানৰ এই ভয়ংকৰ পৰিস্থিতিকলৈ চিন্তিত হৈ পৰিছে দেশখনৰ তাৰকা ক্ৰিকেট খেলুৱৈ ৰাশিদ খান। বর্তমান ইংলেণ্ডত খেলি থকা আফগানিস্তানৰ ক্ৰিকেটাৰ গৰাকীয়ে সামাজিক মাধ্যমযোগে আফগানিস্তানৰ পৰিস্থিতকলৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাশিদ খান পৰিয়াল আফগানিস্তানত আছে আৰু ক্ৰিকেটাৰ গৰাকীয়ে পৰিয়ালকলৈ চিন্তিত হৈ আছে।তালিবানৰ শাসন চলা দেশখনত ক্ৰীড়াক্ষেত্ৰত কিদৰে আগুৱাই যাব তাক লৈ বিবুধিত পৰিছে প্ৰতিভাৱান খেলুৱৈ গৰাকী।

লগতে পঢ়ক : শ শ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিলেহি নাগেশ্বৰ মন্দিৰ

উল্লেখ্য যে আফগানিস্তানৰ তাৰকা ক্ৰিকেট খেলুৱৈ গৰাকীয়ে বিশ্বৰ সকলো দেশক আফগানিস্তানক সহায় কৰাৰ বাবে আহ্বান জনাইছে। ৰাশিদ খানে টুইটাৰযোগে নিজৰ বেদনা ব্যক্ত কৰি কৈছে মোৰ দেশৰ শিশু, মহিলা মহা সংকটত আছে, মোৰ দেশ ধ্বংস হৈ আছে এনে সময়ত আমাক অকলশৰীয়া নকৰিব, মোৰ দেশক ধ্বংস হ’বলৈ নিদিব। আমি শান্তি বিছৰো।নম্ৰ আৰু বিনয়ী স্বভাৱৰ অধিকাৰী ৰাছিদ খানৰ প্ৰদৰ্শনে অতি কম সময়ৰ ভিতৰতে মোহিত কৰিছিল ক্ৰীড়া অনুৰাগীক। সংঘাতৰে পূৰ্ণ এটা জীৱনৰ সৈতে যুজিঁ যুজিঁ আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰেক্ষাপটত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল ৰাছিদ খানে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply