নিউজ ডেস্কঃ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে বৰ্তমান আইপিএলৰ বতাহ চলি আছে দেশত। তাৰ মাজতে আহিছে এক ভাল খবৰ। কিয়নো এই খবৰটোৰ পাছতে বহু ক্ৰিকেটপ্ৰেমী ভাৰতীয়ই আনন্দ প্ৰকাশ কৰিছে ছচিয়েল মিডিয়াত। দৰাচলতে, চেন্নাই ছুপাৰ কিংছৰ অধিনায়কৰ দায়িত্ব পুনৰ লাভ কৰিলে এম এছ ধোনীয়ে।
আইপিএল ২০২২ৰ মাজতে ৰবীন্দ্ৰ জাডেজাই দলটোৰ অধিনায়ক পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, আইপিএল ২০২২ আৰম্ভ হোৱাৰ ঠিক পূৰ্বেই চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক পদ ত্যাগ কৰিছিল এম এছ ধোনীয়ে। আৰু তাৰপাছত ৰবীন্দ্ৰ জাডেজাই এই দায়িত্ব গ্ৰহণ কৰিছিল।
ইফালে, এই সন্দৰ্ভত চিএছকেৰ তৰফৰ পৰা কোৱা হৈছে যে- ৰবীন্দ্ৰ জাডেজাই নিজৰ খেলৰ ওপৰত অধিক ধ্যান দিবলৈ অধিনায়কৰ পদ ত্যাগ কৰিছে। আৰু ধোনীক অধিনায়কৰ দায়িত্ব লৈ দলটোক আগুৱাই নিয়াৰ বাবে অনুৰোধ জনাইছে। ধোনীয়ে জাডেজাৰ এই অনুৰোধ ৰক্ষা কৰি চেন্নাই ছুপাৰ কিংছৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জনাইছে।