নিউজ ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংকে পাঁচটা সমবায় বেংকৰ ওপৰত নিয়ম উলংঘা আৰু কেন্দ্ৰীয় বেংকৰ বিভিন্ন নিৰ্দেশনা মানি নচলাৰ বাবে আৰ্থিক শাস্তি প্ৰদান কৰিছে। এই বেংকসমূহ হৈছে শ্ৰী মহাযোগী লক্ষ্মম্মা সমবায় বেংক লিমিটেড, (অন্ধ্ৰপ্ৰদেশ);তামিলনাডুৰ চেলেম জিলাৰ আট্টুৰ টাউন কো-অপাৰেটিভ বেংক লিমিটেড; গণ্ডিয়া জিলা কেন্দ্ৰীয় সমবায় বেংক লিমিটেড, (মহাৰাষ্ট্ৰ); শ্বিৰপুৰ পিপলছ কো-অপাৰেটিভ বেংক লিমিটেড, (মহাৰাষ্ট্ৰ)আৰু তিৰুপতি নগৰ সমবায় বেংক লিমিটেড, (মহাৰাষ্ট্ৰ)।

আৰ বি আইৰ এক বিবৃতিত প্ৰকাশ পাইছে যে, এই বেংকসমূহৰ ওপৰত ৫০ হাজাৰৰ পৰা ৩ লাখ টকালৈ আৰ্থিক জৰিমনা বিহা হৈছে। কেন্দ্ৰীয় বেংকে পাঁচটা স্বতন্ত্ৰ বিজ্ঞপ্তিযোগে কয় যে- এই পদক্ষেপ নিয়ন্ত্ৰণ অনুসৰণৰ অভাৱৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু বেংকে গ্ৰাহকৰ সৈতে কৰা কোনো লেনদেন বা চুক্তিৰ বৈধতাৰ ওপৰত ঘোষণা কৰাৰ উদ্দেশ্য নহয়।

“এই পদক্ষেপটো নিয়ম পালনৰ অভাৱৰ ওপৰত আধাৰিত আৰু ইয়াত গ্ৰাহকসকলৰ সৈতে কৰা যিকোনো লেনদেন বা চুক্তিৰ বৈধতা ঘোষণা কৰা উদ্দেশ্যেৰ ওপৰত নহয়” বুলি কেন্দ্ৰীয় বেংকে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰে। ৩১ মাৰ্চ, ২০২১লৈকে বেংকৰ বিত্তীয় স্থিতিৰ ওপৰত আধাৰিত কৰি এক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে, এই বেংকসমূহে আৰ্থিক স্বীকৃতি, সম্পদৰ শ্ৰেণী বিভাজন, ব্যৱস্থাপনা ইত্যাদিৰ লগতে RBIৰ বিভিন্ন নিৰ্দেশনা উলংঘন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply