নিউজ ডেস্কঃ যিসকলে বৰ্তমান ঋণ লোৱাৰ কথা ভাবিছিল তেওঁলোকৰ বাবে ৰিজাৰ্ভ বেংকে দিলে দুখৰ বতৰা। ২০২৩-২৪ বৰ্ষৰ বাজেটৰ পিছতেই ভাৰতীয় ৰিজাৰ্ভ বেংকে পুনৰ ৰেপো ৰেটৰ বৃদ্ধি কৰাৰ ঘোষণা কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে বুধবাৰে ঘোষণা কৰে যে, মুদ্ৰা নীতি সমিতিয়ে সুতৰ হাৰ ২৫ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে,যাৰ ফলত ৰেপো ৰেট ৬.৫ শতাংশলৈ বৃদ্ধি পাব। 

তেওঁ কয়, “দেশৰ মুদ্ৰাস্ফীতিৰ অৰ্থনৈতিক পৰিস্থিতি আৰু ইয়াৰ দৃষ্টিভংগীৰ মূল্যাঙ্কনৰ ওপৰত আধাৰিত কৰি, এমপিচিয়ে তাৎক্ষণিক প্ৰভাৱৰ সৈতে ৰেপো ৰেট ২৫ পইণ্ট বৃদ্ধি কৰি ৬.৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।”

মুদ্ৰা নীতি সমিতিৰ দ্বাৰা ৰেপো ৰেট বৃদ্ধি কৰাৰ সিদ্ধান্ত ৪:2 সংখ্যাগৰিষ্ঠতাৰ ভোটৰ অনুপাতত লোৱা হয়, য’ত এমপিচি সদস্যৰ ভিতৰত অসীমা গোৱেল আৰু জয়ন্ত আৰ. বৰ্মাই এই সিদ্ধান্তৰ বিৰুদ্ধে ভোট দিয়ে বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে, ৰেপো ৰেট বৃদ্ধিৰ ফলত বেংকৰ সাধাৰণ ঋণকে আদি কৰি হোম লোন, গাড়ী ক্ৰয়ৰ লোনৰ সুতৰ হাৰ বৃদ্ধি পাব কিন্তু ৰেপো ৰেটৰ বৃদ্ধিৰ লগে লগে ঋণ পৰিশোধৰ সময়সীমাও বৃদ্ধি কৰে বেংকসমূহে।  যিসকলে বৰ্তমান ঋণ লোৱা কথা ভাবিছে তেওঁলোকৰ ওপৰতহে এই নতুন নিয়মৰ প্ৰভাৱ পৰিব। ইতিমধ্যে যিসকলে লোণ লৈ বেংক সমূহক ঋণৰ পৰিশোধ কৰি আছে তেওঁলোকৰ সুতৰ সৈতে নতুন ৰেপো ৰেটৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে।   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply