নিউজ ডেস্কঃ অতি শীৰ্ঘ্ৰেই শিশুক প্ৰদান কৰা হ’ব কোৰোনা ভাইৰাছৰ ভেকচিন। মঙলবাৰৰ পৰা দিল্লীৰ এইমছত ৬-১২ বছৰৰ শিশুৰ ওপৰত কোৰোনা ভাইৰাছৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব।

ইয়াৰ পিছতেই ২ বছৰৰ পৰা ৬ বছৰৰ শিশুৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰিব।

দেশৰ ৫২৫টা ল’ৰা-ছোৱালীৰ তিনিটা গ্ৰুপত এই পৰীক্ষণৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো গ্ৰুপত আছে ১৭৫ টাকৈ শিশু ।

প্ৰথম গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে ১২-১৮বছৰ বয়সৰ, দ্বিতীয় গ্ৰুপত ৬-১২বছৰৰ আৰু তৃতীয় গ্ৰুপত ২ বছৰৰ পৰা ৬ বছৰৰ শিশুক অন্তৰ্ভুক্ত কৰা হৈছে।

ইতিমধ্যে, এইমছত ১২-১৮ বছৰ বয়সৰ শিশু স্বেচ্ছাসেৱকৰ নামভৰ্তি সম্পূৰ্ণ হৈছে আৰু তেওঁলোকক ইতিমধ্যে কোভাক্সিনৰ প্ৰথম পালি দিয়া হৈছে।

উল্লেখ্য যে, দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোভিডৰ সংক্ৰমণ। ভাৰতত সোমবাৰে কৰোনা ভাইৰাছত নতুনকৈ ৭০,৪২১ জন সংক্ৰমিত হৈছে।

দেওবাৰে কেৱল ১৪.৯২ লাখৰ নমুনা পৰীক্ষা কৰা হৈছিল। ২৪ ঘণ্টাত ৩,৯২১ গৰাকী লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।

আৰু পঢ়কঃদেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ; দেওবাৰে ৭০ হাজাৰলৈ নামিল আক্ৰান্তৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply