নিউজ ডেস্ক- নতুন বছৰত ৰিলায়েন্স জিঅ’ৰ ভইচ কল হ’ব একেবাৰে বিনামূলীয়া। এতিয়াৰে পৰা জিঅ’ৰ পৰা অন্য নেটৱৰ্কলৈ ভইচ কল কৰিলে কোনো ধৰণৰ কল চাৰ্জ বহন কৰিব নালাগে। ১ জানুৱাৰীৰ পৰা জিঅ’ই কাৰ্যকৰী কৰিছে এই নিয়ম।
এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰিলায়েন্স জিঅ’ৰ ফালৰ পৰা জনোৱা হয় যে, ‘অহা ১ জানুৱাৰীৰ পৰা পূৰ্বৰ দৰে ‘off-net domestic voice calls’- সম্পূৰ্ণ বিনামূলীয়া হ’ব। দেশৰ সৰ্ববৃহত্ টেলিকম প্ৰতিষ্ঠানটোৱে ট্ৰাইৰ নিৰ্দেশনাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত এতিয়া গ্ৰাহকে জিঅ’ৰ পৰা এয়াৰটেল, ভোডাফোন-আইডিয়া, বিএছএনএল নেটৱৰ্কৰ সৈতে আনলিমিটেড কলিঙৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।’