নিউজ ডেস্ক : এখন ৰাজহুৱা সভাত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য দিয়া কালিচৰণ মহাৰাজ নামৰ হিন্দু ধৰ্মৰ এগৰাকী ‘গুৰু’ৰ বিৰুদ্ধে চত্তিশগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে কালিচৰণ মহাৰাজে চত্তিশগড়ৰ ৰাজধানী ৰাইপুৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মহাত্মা গান্ধীৰ বিৰুদ্ধে অশ্লীল ভাষা প্ৰয়োগ কৰি মন্তব্য কৰাৰ লগতে তেওঁক হত্যা কৰাৰ বাবে নাথুৰাম গডছেক প্ৰশংসা কৰিছিল।

জানিব পৰা মতে ৰাইপুৰত অনুষ্ঠিত ‘ধৰ্ম সংসদ’ শীৰ্ষক এখন সভাত মহাৰাজে এই মন্তব্য কৰিছিল। উক্ত সভাতে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে আক্ৰোশমূলক মন্তব্যও কৰিছিল হিন্দু ধৰ্মগুৰু গৰাকীয়ে।

তেওঁৰ উক্ত মন্তব্যৰ ভিডিঅ’ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ভিডিঅ’টোত মহাৰাজে মহাত্মা গান্ধীক হত্যা কৰাৰ বাবে ‘নাথুৰাম গডছেকো নমস্কাৰ হ্যেঁ’ বুলি কোৱা দেখা যায়।

লগতে প্ৰমোড ডুবে’ নামৰ এগৰাকী কংগ্ৰেছ কৰ্মী তথা ৰাইপুৰৰ প্ৰাক্তন মেয়ৰ কালিচৰণ মহাৰাজৰ বিৰুদ্ধে তিক্ৰাপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

প্ৰমোড ডুবে’ৰ এজাহাৰৰ ভিত্তিত ৰাইপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৫ (২) আৰু ধাৰা ২৯৪ ৰ অধীনত মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

লগতে পঢ়ক – ক’ভিড প্ৰতিৰোধৰ বাবে দেশত তৃতীয়টো প্ৰতিষেধক সাজু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply