নিউজ ডেস্ক : মেঘালয় কেবিনেটে শ্বিলঙৰ হৰিজন কলনিৰ পাঞ্জাবি লেনত বাস কৰা দলিত শিখ সম্প্ৰদায়ৰ লোকসকলক সেই স্থানৰ পৰা স্থানান্তৰ কৰা সিদ্ধান্তই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সোমবাৰে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ (National Commission for Minorities) – এ মেঘালয় চৰকাৰক তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনোৱাৰ লগতে অহা ১৫ অক্টোবৰত বিষয়টোৰ ওপৰত এখন বিতং প্ৰতিবেদন জমা দিবলৈ কৈছে।

উল্লেখযোগ্য যে যোৱা ৫ অক্টোবৰত মুখ্য মন্ত্ৰী কনৰাড চাংমাই তেওঁৰ চৰকাৰে পাঞ্জাবি লেন হিচাপে পৰিচিত শ্বিলঙৰ হৰিজন কলনিত থকা মাটিখিনি এসপ্তাহৰ ভিতৰত অধিগ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল।

চৰকাৰে মাটিখিনিৰ পৰা উচ্ছেদিত লোকসকলৰ বাবে বিকল্প স্থান বিচাৰি দিয়া হ’ব বুলি উল্লেখ কৰিছে।

শেহতীয়াকৈ এই বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্য্যায়তো বিশেষ চৰ্চা লাভ কৰিছে। বিশেষকৈ পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পঞ্জাবৰ উপ মুখ্য মন্ত্ৰী চৌখচিন্দৰ সিং ৰান্ধাৱাই দেওবাৰে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

শ্বিলঙৰ পাঞ্জাবি লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰিবলৈ লোৱা বিষয়টোৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে কথা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

বিজেপিৰ শাসনকালত দেশত সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ নিৰাপত্তাৰ নিশ্চয়তা নোহোৱা হৈছে বুলি তেওঁ কয়।

শ্বিলঙৰ পাঞ্জাবি লেনত থকা ২.৫ একৰ ভূমিত প্ৰায় ২৫০ টা দলিত শিখ পৰিয়ালে শতিকাজুৰি বাস কৰি আহিছে। মেঘালয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি শ্বিলঙৰ হৰিজন পঞ্চায়ত কমিটিৰ সম্পাদক গুৰজিত সিঙে কয়, ‘লাগিলে আমি মৰি যাম কিন্তু মেঘালয় চৰকাৰক এনে বেআইনী, নীতিবিৰুদ্ধ আৰু অনুচিত কাম কৰিবলৈ দিয়া নহ’ব।’

দুশ বছৰৰ পূৰ্বেই, বৃটিছৰ শাসনকালত তেওঁলোকৰ পূৰ্বপূৰুষক মিলিয়েম (Mylliem )ৰ ছিয়েম (Syiem)-এ সেই ভূমি দান কৰিছিল বুলি গুৰজিত সিঙে দাবী কৰে।

উল্লেখযোগ্য যে যোৱা ২০১৮ চনত শ্বিলঙৰ পাঞ্জাবি লেনত বাস কৰা দলিত শিখ সম্প্ৰদায় আৰু স্থানীয় লোকৰ মাজত হিংসাত্মক সংঘৰ্ষ লাগিছিল।

লগতে পঢ়ক : ২ বছৰৰ ওপৰৰ শিশুক ক’ভেক্সিন প্ৰদানৰ অনুমতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply