নিউজ ডেস্ক : বিশিষ্ট বঙালী চলচ্চিত্ৰ পৰিচালক আৰু কবি বুদ্ধদেব দাশগুপ্তৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। আজি পুৱা ৯টা বজাত কলিকতাৰ নিজা বাসভৱনত চলচ্চিত্ৰ নিৰ্মাটা গৰাকীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি কিডনিকে ধৰি কিছু বাৰ্ধক্যজনিত ৰোগত ভুগি থকা বুদ্ধদেব দাশগুপ্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ।

বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত দাশগুপ্তৰ দ্বাৰা পৰিচালিত কেইখনমান উল্লেখযোগ্য চিনেমা হৈছে বাঘ বাহাদুৰ, তাহাদেৰ কথা, চৰাচৰ, উত্তৰা ইত্যাদি। তেওঁক বাংলা চলচ্চিত্ৰৰ বৰেণ্য চলচ্চিত্ৰকাৰ সত্যজিৎ ৰায়, ঋত্বিক ঘটক, মৃণাল সেন আদিৰ সৈতে একে শাৰীত ৰখা হয়।

চলচ্চিত্ৰ নিৰ্মাণৰ উপৰি এগৰকী সংবেদনশীল কবি হিচাপে বুদ্ধদেব দাশগুপ্তৰ যথেষ্ট খ্যাতি আছিল। তেওঁৰ চলচ্চিত্ৰত সমূহতো এক কাব্যিক অভিব্যক্তি পৰিস্ফুট হৈছিল।

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জিয়ে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু চিনেমা জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে। তেওঁ দাশগুপ্তৰ শোকসন্তপ্ত পৰিয়ালৰ লগতে শুভাকাংক্ষী সকললৈ সমবেদনা জ্ঞাপন কৰে।

দাশগুপ্তৰ পাঁচখন ছবি ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল।  উত্তৰা আৰু স্বপনেৰ দিনৰ বাবে দুবাৰকৈ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা দাশগুপ্তৰ কেইবাখনো চিনেমাই বাৰ্লিন, ভেনিচ, ল’কাৰ্নো আদি বিশ্বৰ কেইবাটাও আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত সন্মান বুটলিবলৈ সক্ষম হৈছিল।

এগৰাকী অৰ্থনীতিৰ ছাত্ৰ দাশগুপ্তই বৰ্ধমান বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়ত এগৰাকী প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও চিনেমাৰ প্ৰতি থকা তীব্ৰ ভালপোৱাৰ বাবে তেওঁ চাকৰি বাদ দি চলচ্চিত্ৰ নিৰ্মাণৰ জগতত সোমাই পৰে।

লগতে পঢ়ক : বন বিভাগৰ হিচাপত বাঘজান কাণ্ডৰ পৰিৱেশৰ ওপৰত পৰা ক্ষতিৰ পৰিমাণ ২৫,০০০ কোটি টকাতকৈ অধিক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply