সোণাৰী:নাগালেণ্ডৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ সন্দৰ্ভত বিশেষ কমিটী গঠন কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা গঠন কৰি দিয়া হৈছে এই কমিটী।

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে আজি অনুষ্ঠিত হোৱা এখন সভাত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেউফি ৰিঅ’ৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত অনুষ্ঠিত বৈঠকত গঠন হৈছে সমিতিখন।

৪৫ দিনৰ ভিতৰত এই বিশেষ কমিটীয়ে দাখিল কৰিব প্ৰতিবেদন।

তাৰপাছতেই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ ওপৰত কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিব।

শেহতীয়াকৈ নাগালেণ্ডত নিৰীহ লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ লগতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

ইয়াৰ পাছতেই আজি গ্ৰহণ কৰা এই সিদ্ধান্তই নগাসকলৰ দাবীৰ ন্যায্যতা প্ৰদানৰ দিশে আগবাঢ়িছে কেন্দ্ৰ চৰকাৰ।

লগতে পঢ়ক- নগাঁৱৰ জুৰীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply