নিউজ ডেস্কঃ মাত্ৰ কেইঘন্টা মানৰ পিছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ’ব ভাৰতীয় মূলৰ ঋষি চুনাক।

Penny Mordaunt প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছত ঋষি চুনাক কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা হিচাপে বিনা প্ৰতিদ্বন্দিতাত নিৰ্বাচিত হৈছে। ঋষি চুনাকৰ কনজাৰ্ভেটিভ পাৰ্টিৰ ৩৫৭ জন সাংসদৰ আধাতকৈও অধিকৰ সমৰ্থন আছে।

ঋষি চুনাক ২১০ বছৰৰ ভিতৰত আটাইতকৈ কম বয়সীয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে। ৪২ বছৰীয়া চুনাকৰ জন্ম ব্ৰিটেইনৰ চাউদাম্পটনত এটা ভাৰতীয় পৰিয়ালত হৈছিল। তেওঁৰ ককাক আৰু আইতাক পঞ্জাৱৰ আছিল। মাতৃ এগৰাকী ফাৰ্মাচিষ্ট আৰু পিতৃ আছিল চিকিৎসক।

ঋষি চুনাকে ইংলেণ্ডৰ Romseyৰ Stroud Schoolৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছতেই চুনাকে ইংলেণ্ডৰ অন্যতম বিখ্যাত বিদ্যালয় উইনচেষ্টাৰত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত ২০০১ চনত  তেওঁ ২০০১ চনত অক্সফৰ্ডৰ লিংকন কলেজৰ পৰা দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি অধ্যয়ন কৰিছিল। পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত অৱস্থিত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এমবিএ কৰিছিল। ইয়াতেই তেওঁ তেওঁৰ পত্নী অক্ষতা মূৰ্তিক লগ পাইছিল। অক্ষতা হৈছে ইনফোচিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা।

ঋষি চুনাকে চাউদাম্পটনত পঢ়ি থাকোতে গ্ৰীষ্মৰ বন্ধৰ সময়ত এখন ৰেষ্টুৰেন্টত ৱেইটাৰ হিচাপে কাম কৰিছিল। ২০০১ আৰু ২০০৪ চনৰ ভিতৰত, তেওঁ গোল্ডমেন চাক্স নামৰ এক বিনিয়োগ বেংকত বিশ্লেষক হিচাপে কাম কৰিছিল। তেওঁ ২০১৪ চনত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল।

৪২বছৰীয়া ঋষি চুনাক ব্ৰিটেইন প্ৰথম এছিয়াৰ আৰু হিন্দু প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ঋষি চুনাকক অভিনন্দন জনাই টুইট কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply