নিউজ ডেস্কঃ বাৰ্চিলোনাৰ জনপ্ৰিয় ফুটবলাৰ Robert Lewandowskiৰ মূল্যৱান ঘড়ীটো চুৰি হৈছে। লেভানডস্কিৰ ঘড়ীটোৰ মূল্য আছিল ৭০,০০০ ইউৰো। খেলুৱৈগৰাকী বাৰ্চিলোনাৰ ciutat esportiva ক্লাব খেলপথাৰত অনুশীলন কৰি ওলাই অহাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল।
খেলুৱৈগৰাকীয়ে অনুশীলনৰ সময়ত তেওঁৰ ঘড়ীটো গাড়ী খুলি থৈছিল। অনুশীলন শেষ কৰি ওলাই অহাৰ সময়ত অনুৰাগীসকলে তেওঁৰ অট’গ্ৰাফ বিচাৰি, ছেল্ফী ল’বলৈ হেতাওপৰা লগাইছিল। অনুৰাগীসকলক অভিবাদন জনোৱাৰ বাবে তেওঁৰ গাড়ীৰ খিৰিকী খুলি দিয়াৰ সময়ত এজন ব্যক্তিয়ে ঘড়ীটো হাতৰ পৰা খুলি লৈ গৈছিল। পিছে আৰক্ষীৰ তৎপৰতাত চোৰ ধৰা পৰিছিল। আৰক্ষীয়ে এজন সন্দেহজনক লোকক আটক কৰিছিল আৰু ঘড়ীটো উদ্ধাৰ কৰি খেলুৱৈগৰাকীক ঘূৰাই দিয়ে।
উল্লেখ্য যে, বাৰ্চিলোনাই দেওবাৰে Real Sociedad বিৰুদ্ধে খেলিব। সেইকাৰণে তাৰকা খেলুৱৈগৰাকী অনুশীলনলৈ গৈছিল। যোৱা মাহত, Robert Lewandowskiয়ে বায়াৰ্ণ মিউনিখৰ পৰা বাৰ্কাত যোগদান কৰিছিল।জাৰ্মান দলটোক চেম্পিয়নছ লীগকে ধৰি আঠটা Bundesliga titles আৰু কেইবাটাও ট্ৰফী জয় কৰাত সহায় কৰাৰ পিছত লেভানডস্কিয়ে যোৱা মাহত বায়াৰ্ণ মিউনিখৰ পৰা প্ৰায় ৪৫ নিযুত ইউৰোত বাৰ্কাত যোগদান কৰিছিল।