নিউজ ডেস্কঃ শ্ৰীলংকা আৰু ভাৰতৰ মাজত হ’বলগীয়া টি-২০ আৰু টেষ্ট শৃংখলাৰ বাবে ইতিমধ্যে খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মাক দিয়া হৈছে। যোৱা কিছুদিনৰ পৰা টেষ্ট শৃংখলাৰ ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক কোন হ’ব। ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে ৰোহিত শৰ্মাৰ নাম নতুন ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক হিচাপে ঘোষণা কৰে।

উল্লেখ্য যে, দুয়োখন দেশৰ মাজত টেষ্ট শৃংখলাৰ মেচ আৰম্ভ হ’ব অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা। ভাৰতীয় টেষ্ট ক্ৰিকেট দলত আছে ক্ৰমে- অধিনায়ক ৰোহিত শৰ্মা, মায়াংক অগ্ৰৱাল, প্ৰিয়ংক পাঞ্চাল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, হনুমা বিহাৰী, শুভমন গিল, ঋষভ পন্ট, কেএছ ভাৰত, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, জয়ন্ত যাদৱ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ শামী, মহম্মদ সিৰাজ , উমেশ যাদৱ আৰু সৌৰভ কুমাৰ।

ইফালে, ভাৰতীয় টি-২০ ক্ৰিকেট দলত আছে ক্ৰমে- ৰোহিত শৰ্মা, ঋতুৰাজ গায়কৱাড, ইশান কিষাণ, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, বেংকেতেশ আয়াৰ, দীপক হুডা, যশপ্ৰীত বুমৰাহ, ভূৱনেশ্বৰ কুমাৰ, দীপক চহৰ, হৰ্ষল পেটেল, মহম্মদ সিৰাজ, সজু ছেমছন, ৰবীন্দ্ৰ জডেজা, য়ুজবেন্দ্ৰ চহল, ৰবি বিশ্ৰোই, কুলদীপ যাদৱ আৰু আৱেশ খান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply