নিউজ ডেস্ক: এছ এছ ৰাজামৌলিৰ RRR-ৰ ছবিখনৰ ‘নাটু নাটু’ গানটোৱে আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত ২০২৩ চনৰ গ’ল্ডেন গ্ল’ এৱাৰ্ডছত শ্রেষ্ঠ মৌলিক গানৰ (বেষ্ট অৰিজিনেল ছং) বঁটা লাভ কৰি ইতিহাস সৃষ্টি কৰিলে। উল্লেখযোগ্য যে গ’ল্ডেন গ্ল’ব বঁটা লাভ কৰা RRR হৈছে প্ৰথমখন ভাৰতীয় চিনেমা।
তেলুগু ভাষাত নিৰ্মিত আৰু হিন্দী, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি লাভ কৰা RRR-ৰ নাটু নাটু গানটো এম এম কীৰাৱানীয়ে ৰচনা কৰিছিল আৰু গানটোত কণ্ঠদান কৰিছে কাল ভৈৰৱ আৰু ৰাহুল সিপ্লিগঞ্জে।
উল্লেখযোগ্য যে RRR-এ অনা ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছিল যদিও বঁটা নাপালে। আৰ্জেণ্টিনাৰ ‘আর্জেন্টিনা, ১৯৮৫’ নামৰ চিনেমাখনে উক্ত বঁটা লাভ কৰে৷ বুধবাৰে ৮০ সংখ্যক গ’ল্ডেন গ্ল’ব এৱাৰ্ড প্রদান অনুষ্ঠানত RRR-ৰ পৰিচালক ৰাজামৌলি, গীতিকাৰ কীৰাৱানী, অভিনেতাদ্বয় জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণ, ৰাম চৰণৰ পত্নী কামিনেনি উপস্থিত থাকে।
‘নাটু নাটু’ গানটোৰ বাবে শ্রেষ্ঠ মৌলিক গানৰ বঁটা লাভ কৰাৰ পিছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনৰ সমগ্ৰ টীমটোক অভিনন্দন জনায়। এটা টুইটত মোদীয়ে কয় যে এই সন্মানীয় বঁটাই প্রতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে।
লগতে পঢ়ক – সমাধানৰ পথত অসম-অৰুণাচলৰ সীমান্ত সমস্যা