নিউজ ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিনা দিলাইক কভিড-১৯ত আক্ৰান্ত হৈছে।
শনিবাৰে অভিনেত্ৰী গৰাকীয়ে কভিড-১৯ত আক্ৰান্ত হোৱাৰ বিষয়ে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে।
ৰুবিনাই তেওঁৰ পোষ্টটোত উল্লেখ কৰিছে “এমাহৰ পিছত মই প্লাজমা দান কৰাৰ বাবে যোগ্য হম।
১৭ দিন ধৰি ঘৰতে নিজকে আচুতীয়াকৈ কৰি ৰাখিছো। শেহতীয়াকৈ ৫-৬ দিন ধৰি যিসকল মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে শীৰ্ঘ্ৰেই কভিড পৰীক্ষা কৰাওক।”
এই খবৰ লাভ কৰা মাত্ৰকেই ৰুবিনা দিলাইকৰ পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁৰ বন্ধুবৰ্গই তেওঁৰ আশু আৰোগ্য কামনা কৰে। ৰাহুল মহাজনে লিখে, “সোনকালে সুস্থ হৈ উঠক ।ঈশ্বৰে আপোনাক দ্ৰুত আৰোগ্য কৰক।”
ৰুবিনা দিলাইক জি টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ”choti bahu” ত অভিনয় কৰি সকলোৰে মাজত choti bahu হিচাপে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।
‘Punar Vivah – Ek Nayi Umeed‘, ‘ Shakti: Astitva Ke Ahsaas Ki‘ এই ধাৰাবাহিক কেইখনত তেওঁৰ অভিনয় জনসাধাৰণৰ মাজত বিশেষ ভাৱে জনপ্ৰিয়।
তেওঁ কালাৰ্ছ যোগে সম্প্ৰচাৰিত টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ-১৪’ ৰো বিজয়ী হৈছিল।
‘বিগ বছ ১৪’ সমাপ্ত হোৱাৰ পিছত, তেওঁ স্বামী অভিনৱ শুক্লাৰ সৈতে নেহা কক্কৰে কন্ঠদান কৰা ‘Marjaneya‘ শীৰ্ষক এটা মিউজিক ভিডিঅ’ত অভিনয় কৰিও জনপ্ৰিয়তা অৰ্জন কৰিছিল ।