নিউজ ডেস্ক – সন্ত্ৰাসবাদক লৈ পুনৰ সৰৱ হৈ উঠিছে ভাৰত। ৰাষ্ট্ৰসংঘৰ পৰা বিশ্ববাসীক সন্ত্ৰাসবাদৰ বাবে সতৰ্ক কৰি দিছে ভাৰতে। ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্ৰদূত ৰুচিৰা কাম্বোজে নিৰাপত্তা পৰিষদৰ বিশেষ অধিবেশনত দিয়া ভাষণত কয় যে সন্ত্ৰাসবাদে সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সন্দৰ্ভত বিশ্বই দুমুখীয়া নীতি গ্ৰহণ কৰা উচিত নহয়।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি থকা ৰুচিৰা কাম্বোজে কয়, ‘সন্ত্রাসবাদী কার্যই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে’। ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্ৰদূত কম্বোজে লগতে কয় যে আইছিছে এতিয়া আফ্ৰিকাও দখল কৰিবলৈ লৈছে। বিশ্ববাসীয়ে সন্ত্ৰাসবাদীৰ ভাবুকিক বিভিন্ন দৃষ্টিকোণেৰে চোৱা বন্ধ কৰি তাৰ প্ৰত্যুত্তৰ দিয়াৰ ওপৰত গুৰুত্ব দিব লাগে। কিয়নো ই পৃথিৱীৰ প্ৰতিটো প্ৰান্তলৈ বিয়পি পৰাৰ পূৰ্ণ আশংকা আছে।

ৰুচিৰা কাম্বোজে লগতে কয় যে বিশ্বৰ যিকোনো প্ৰান্তত যদি সন্ত্ৰাসবাদ আছে, তেন্তে ই সমগ্ৰ বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি। গতিকে এই প্ৰত্যাহ্বানৰ প্ৰতি তেওঁলোকৰ সঁহাৰি একত্ৰিত, সমন্বিত হ’ব লাগে। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পদক্ষেপবোৰ ফলপ্ৰসূ হ’ব লাগিব। তেওঁ কয় যে আমি মনত ৰাখিব লাগিব যে ৯/১১ৰ আক্ৰমণৰ ২০ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সন্ত্ৰাসবাদৰ যুটীয়াভাৱে যুঁজ দিয়াৰ বাবে বহু পৰামৰ্শ আগবঢ়াইছিল।

উল্লেখ্য যে চলিত বৰ্ষৰ অক্টোবৰ মাহতো সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ নতুন উপায় বিচাৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ এক বিশেষ বৈঠক অনুষ্ঠিত হ’ব। ভাৰতে আয়োজন কৰিব এই বৈঠক।

তেওঁ কয় ‘২০২২ চনৰ ২৮–৩০ অক্টোবৰলৈ নতুন দিল্লী আৰু মুম্বাইত অনুষ্ঠিত হ’বলগীয়া সন্ত্ৰাসবাদ প্ৰতিৰোধৰ উদ্দেশ্যে উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ আগন্তুক বিশেষ বৈঠকৰ বিষয়ে মই পৰিষদক অৱগত কৰিব বিচাৰিছো যে এই অনুষ্ঠান আমাৰ বহুপক্ষীয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব আৰু বহুমুখী সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাক অধিক বৃদ্ধি আৰু শক্তিশালী কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply