নিউজ ডেস্কঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে বহু ভাৰতীয় নাগৰিক। এই ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ ভাৰতলৈ ঘূৰাই অনাৰ সন্দৰ্ভত ৰাছিয়াৰ নেশ্যনেল চেন্টাৰ ফৰ ষ্টেট ডিফেন্স কন্ট্ৰলে এক ঘোষণা কৰিছে।

খাৰকীৱ আৰু ছুমীত আৱদ্ধ ভাৰতীয় সহ আন বিদেশী ছাত্ৰ-ছাত্ৰীসকলক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ বাবে ৰাছিয়াৰ তৰফৰ পৰা বাছৰ ব্যৱস্থা কৰা হ’ব। প্ৰায় ১৩০ খন বাছৰ জৰিয়তে এই ছাত্ৰ-ছাত্ৰীসকলক ইউক্ৰেইনৰ পৰা বাহিৰলৈ নিয়া হ’ব বুলি ঘোষণা কৰিছে ৰাছিয়াই।

অৱশ্যে এই সন্দৰ্ভত ভাৰত চৰকাৰে বৰ্তমানলৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। তদুপৰি ৰাছিয়াই অভিযোগ কৰিছে যে ইউক্ৰেইন চৰকাৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক আৱদ্ধ কৰি ৰাখিছে। ৰাছিয়াৰ মতে প্ৰায় ৩ সহস্ৰাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আৱদ্ধ কৰি ৰখা হৈছে ইউক্ৰেইনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply