নিউজ ডেস্ক: ৰাছিয়াই সাময়িক যুদ্ধবিৰতি ঘোষণা কৰিছে। ইউক্ৰেইনৰ চাৰিখন চহৰত সাময়িক যুদ্ধবিৰতিৰ ঘোষণা কৰিছে ৰাছিয়া চৰকাৰে।
ভাৰতীয় সময় মতে মঙলবাৰে দিনৰ ১২.৩০ বজাৰ পৰা ইউক্ৰেইনৰ ৰাজধানী Kyivকে ধৰি Mariupol, Kharkiv আৰু Sumy চহৰত যুদ্ধবিৰতিৰ ঘোষণা কৰা হৈছে। চহৰ কেইখনৰ পৰা নিৰাপদে মানুহক বাহিৰ কৰাৰ উদ্দেশ্যে ৰুছ চৰকাৰে যুদ্ধবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰে।
পশ্চিম বেলাৰুছত অনুষ্ঠিত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তৃতীয়লানি আলোচনাৰ পিছতে ৰাছিয়াই যুদ্ধবিৰতিৰ ঘোষণা কৰে বুলি দেশখনৰ সংবাদ সংস্থা Interfax-এ জানিবলৈ দিয়ে।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ দূতাবাস Vassily Nebenzia-এ Kiev, Chernigov, Sumy আৰু Mariupol-ৰ পৰা নাগৰিকসকলক নিৰাপদে উলিয়াই নিয়াৰ বাবে ৰাছিয়াই হিউমেনিটেৰিয়ান কৰিডৰ খুলি দিয়াৰ কথা ঘোষণা কৰিছিল।
সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ সৈতে হোৱা টেলিফোনিক আলোচনাত প্ৰধান মন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ একাংশ অঞ্চলত ৰাছিয়াই ঘোষণা কৰা যুদ্ধবিৰতি আৰু হিউমেনিটেৰিয়ান কৰিডৰ নিৰ্মাণ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছিল।
বিশেষকৈ ইউক্ৰেইনত চুমিত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক তাৰ পৰা নিৰাপদে উলিয়াই অনাৰ ওপৰত প্ৰধান মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত ৰাছিয়াক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল।
লগতে পঢ়ক – ভাৰতীয় শিক্ষাৰ্থীৰ নিৰাপত্তাক লৈ পুতিনৰ সৈতে প্ৰধান মন্ত্ৰী মোদীৰ আলোচনা