নিউজ ডেস্কঃ ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ‘ৰস্ক’ছমছ’ৰ স্পেচপাৰ্ট বেইকানুৰৰ এটা বৃহৎ ৰকেটৰ পৰা আমেৰিকা, ব্ৰিটেইন আৰু জাপানৰ পতাকা আঁতৰাই দিয়ে। অৱশ্যে ভাৰতৰ ত্ৰিৰংগা ৰকেটটোতে আঁৰি থোৱা আছে। এটা ভিডিঅ’ত দেখা গৈছে এই দৃশ্য।
ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থাটোৱে ইউক্ৰেইনৰ সৈতে যুদ্ধ হোৱাৰ পাছত হোৱা পৰিস্থিতিৰ প্ৰতিক্ৰিয়া হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে। মন কৰিব লগীয়া যে, ৰাছিয়াৰ তৰফৰ পৰা নাটোত ইউক্ৰেইনত অন্তৰ্ভুক্ত হব বিচৰাৰ পাছত কৰা আক্ৰমণৰ প্ৰায় এসপ্তাহ সম্পূৰ্ণ হোৱাৰ পাছত এনেদৰে ৰকেটৰ পৰা দেশ তিনিখনৰ পতাকা আঁতৰোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰু অধিক আক্ৰামনাত্মক ৰূপে কৰিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই অনা অভিযান অব্যাহত আছে ভাৰত চৰকাৰৰ।