নিউজ ডেস্কঃ ৰাছিয়াৰ এখন বিদ্যালয়ত ধাৰাসাৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এই গুলীবৰ্ষণত ১৩জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। সোমবাৰে এই তথ্য দাঙি ধৰে ৰাছিয়াৰ গৃহ মন্ত্ৰালয়ে।

ৰাছিয়াৰ ইঝেফ্সকৰ এখন বিদ্যালয়ত এজন ব্যক্তিয়ে গুলীবৰ্ষণ চলোৱাৰ ফলত মৃত্যু হোৱা ১৩জনৰ ভিতৰত আছে ৫টি শিশুও। ইফালে, আন ২০জন লোক গুৰুতৰভাৱে আহত হৈছে। 

ইতিমধ্যে, আৰক্ষীয়ে গুলীবৰ্ষণ কৰা ব্যক্তিজনৰো মৃতদেহ উদ্ধাৰ কৰিছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, গুলীবৰ্ষণ কৰা লোকজনে আত্মহত্যা কৰিছে। 

ৰাছিয়াৰ তদন্তকাৰী দলটোৱে সাংবাদিকৰ আগত কয় যে- এই গুলীবৰ্ষণত নিহত হৈছে বিদ্যালয়খনৰ দুজন নিৰাপত্তাৰক্ষী, দুজন শিক্ষক আৰু ৫টি শিশু। আৰু আক্ৰমণকাৰীয়ে গুলীবৰ্ষণৰ পাছতে নিজকে গুলীয়াই আত্মহত্যা কৰে।

বৰ্তমান সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে দেশখনৰ পৰিস্থিতি অতি বেয়া। কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে ইউক্ৰেইনত নিজৰ ৰিজাৰ্ভাৰ সেনা বাহিনীক পঠিওৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply