নিউজ ডেস্কঃ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ চলোৱাৰ আশংকা বৃদ্ধি পোৱাৰ লগতে ভাৰতে ইউক্ৰেইন আৰু চুবুৰীয়া অঞ্চলসমূহত থকা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে অভিযান আৰম্ভ কৰিছে। মঙলবাৰে পুৱা এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান ইউক্ৰেইন অভিমুখে ৰাওনা হৈছে।
ভাৰতে ২০০ৰো অধিক ছীট থকা ড্ৰীমলাইনাৰ বি-৭৮৭ বিমানখন পঠিয়াইছে ইউক্ৰেইনলৈ। এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে ইউক্ৰেইনৰ পৰা ২৫৬ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দেশলৈ ঘূৰাই আনিব। জানিব পৰা মতে, নিশা প্ৰায় ১০.১৫ বজাত দিল্লীত অৱতৰণ কৰিব এই বিশেষ বিমানখন।
ইফালে, অহা ২৫ ফেব্ৰুৱাৰী, ২৭ ফেব্ৰুৱাৰী আৰু ৬ মাৰ্চত অতিৰিক্তভাৱে বিমানযোগে ইউক্ৰেইনৰ পৰা ভাৰতলৈ তাত থকা লোকসকলক ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। উল্লেখযোগ্য যে, ইউক্ৰেইন আৰু চুবুৰীয়া অঞ্চলসমূহত প্ৰায় ২০ হাজাৰৰো অধিক ভাৰতীয় নাগৰিক আছে।