নিউজ ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতে ভাৰত অভিমুখে বিমানযোগে ৰাওনা হৈছে দুই শতাধিক ভাৰতীয় নাগৰিক। শনিবাৰে ২১৯গৰাকী ভাৰতীয় নাগৰিক এয়াৰ ইণ্ডিয়াৰ বিমানযোগে উৰা মাৰিছে ভাৰতলৈ।
জানিব পৰা মতে, আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত মুম্বাইৰ বিমান বন্দৰত অৱতৰণ কৰিব এই বিমানখন। ইতিমধ্যে বিমানত উঠাৰ আগতে ভাৰতীয় নাগৰিকসকলে ত্ৰিৰংগা লৈ উঠা এখন ফটো ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।
এতিয়াও ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ২০ হাজাৰ ভাৰতীয় নাগৰিক। ইয়াৰে সৰহ সংখ্যকেই ছাত্ৰ-ছাত্ৰী। ভাৰত চৰকাৰে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই আনিব বুলি আশা কৰা হৈছে।