ৰাচিয়াৰ ইউক্ৰেইনৰ ওপৰত আক্ৰমনৰ আজি এসপ্তাহ অতিক্ৰম কৰিলে। ৰাচিয়াই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিলে তেওলোকৰ সৈন্যৰ হতাহতৰ সংখ্যা। প্ৰায় ৫০০ ৰাচিয়ান সৈন্য নিহত হোৱাৰ লগতে ১৬০০ আহত অথবা তেওলোকৰ খবৰ পোৱা নাই।

ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ দাবী তেওলোকে ৭০০০ ৰাচিয়ান সেনাক মাৰিছে। ইউক্ৰেইনে নিজৰ সেনাৰ তথ্য দিয়া নাই যদিও ২০০০ সাধাৰন ব্যক্তিৰ এই যূদ্ধত মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘই ৰাচিয়াক কুটনৈতিক ভাবে অকলশৰীয়া কৰাৰ ওপৰত আলোচনা হয়। ১৯৩ সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৪১ দেশে সমৰ্থন কৰে। ৩৫ খন দেশে ভোটদানৰ পৰা বিৰত থাকে।

তাৰ ভিতৰত ভাৰত, চীন আছে। আনহাতে ৰাচিয়া, বেলাৰুচ, ছিৰিয়া সহ ৫খন দেশে ইয়াৰ বিৰোধীতা কৰে। ইয়াৰ উপৰিও ৰাচিয়াক ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমনক লৈ অনুশোচনা কৰাৰ বাবে প্ৰস্তাব লোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply