ইউক্ৰেইনৰ খাৰ্কিভ চহৰ দখল কৰিছে ৰাছিয়ান সেনাই । বৰ্তমান খাৰ্কিভ চহৰ সম্পূৰ্ণ ৰাছিয়ান সেনাৰ দখলৰ আছে। সংবাদ প্ৰতিষ্ঠান এএফপিয়ে ইউক্ৰেনিয়ান সেনাৰ সুত্ৰে এই বাতৰি দিছে। । ইফালে আজি পুৱাৰে পৰা ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত ৰাছিয়াই আক্ৰমণ অধিক তীব্ৰ কৰি তুলিছে । আকাশ মাৰ্গৰ পৰাও আক্ৰমণ চলাইছে ৰাছিয়ান সেনাই । আজি পুৱাৰ ভাগত কিয়েভৰ এখন চৰকাৰী চিকিৎসালয়ত বোমাৰে আক্ৰমণ চলাইছে বুলি ইউক্ৰেইনৰ ফালৰ পৰা কোৱা হৈছে।

ৰাছিয়াৰ বাবে আকাশ মাৰ্গ বন্ধ কৰিব আমেৰিকাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে ইউক্ৰেইনক সকলো ধৰণে সহায় কৰাৰ কথা ঘোষণা । লগতে ইউক্ৰেইনক এশকোটি ডলাৰ আৰ্থিক সাহায্য ঘোষণা বাইডেনৰ । কিন্তু আমেৰিকা সেনা যুদ্ধ ক্ষেত্ৰত নানামে বুলিও মন্তব্য কৰিছে বাইডেনে ।

অৱশেষত ইউক্ৰেইনৰ আবেদন গ্রহন কৰিলে ইউৰোপিয়ান ইউনিয়নে । ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্ত হ’ব ইউক্ৰেইন। জেলেনস্কীৰ উদাত্ত ভাষণৰ পিছতেই ইউৰোপিয়ান ইউনিয়নে গ্ৰহণ কৰিলে আবেদন। ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্ত হোৱাৰ পাছতে সলনি হোৱাৰ সম্ভাৱনা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতি । ইউক্ৰেইনক প্ৰত্যক্ষভাবে সহায় কৰিব ইউৰোপিয়ান দেশে ।

লগতে পঢ়ক- জেনেভা সন্মিলনত নিসিদ্ধ কৰা ভেকুৱাম বোমা ব্যবহাৰ ৰাচিয়াৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply